বাতৰি দাঁড়ে তেওঁ পাই থাকে। শঙ্কৰদেৱ আহিবৰ শুনি নৰনাৰায়ণ ৰজাই
চন্দন-চৰাত সভা পাতি বহিল, আৰু বাদী ব্যাহ্মণসকলকো তালৈ আহ্বান
কৰি আনিলে। শঙ্কৰদেৱে ৰাজদ্বাৰ পাই তাত থিয় দি ৰলত, দুৱৰিয়ে
সেই সংবাদ ৰজাক দিলে। ৰজাই শঙ্কৰদেৱক সভালৈ আনিবলৈ আদেশ
দিলে। শঙ্কৰদেৱে ধীৰে ধীৰে গৈ ৰজাৰ সিংহাসনৰ ওচৰ পাই তাতে
তন্তি ৰলত ৰজাই তেওঁক উঠি ওচৰলৈ আহিবলৈ মাতিলে। সাত খলপা
ভেটিৰ ওপৰত ৰাজসিংহাসন। তাত উঠি শঙ্কৰদেৱে লাহে লাহে যাবলৈ
ধৰিলে। প্ৰত্যেক থাকতে উঠি শঙ্কৰদেৱে নিজৰ ৰচিত এই তোটবটি
গাই যাবলৈ ধৰিলে।-
“মধু দানৱ দাৰণ দেৱ বৰং,
বৰ বাৰিজ লোচন চক্ৰধৰং,
ধৰণীধৰ ধাৰণ ধ্যেয় পৰং,
পৰমাৰ্থ বিদ্যাশুভ নাশ কৰং,
কৰ চূণিত চেদীপ ভূৰি ভগং,
ভগ ভূষণ কোহচিচত পদ যুগং,
যুগ নায়ক নাগৰ বেশ ৰুচিং,
ৰুচিৰাংশুপিধান শৰীৰ শুচিং,
শুচি চামৰ বায়ু নিসেব্য তনুং,
তনু মধ্যগ দেহ সুৰেশ হনুং,
হনুমন্ত হৰীশ সহায় ৰতং,
ৰতৰাঙ্গ পৰায়ণ শত্ৰু নতং,
নত বৰ্ত্তুল স্থূল সুদীৰ্ঘ ভুজং,
ভুজগাধিপ তল্প শয়ানমজং,
অজৰামৰ বিগ্ৰহ বিশ্ব গুৰুং,
গুৰু গোধন কামদ কল্পতৰুং,
তৰুণী মন মোহন সৰ্ব্ব শুভং,
শুভমঙ্গল দায়ক নীল নিভং,
ইভ কুম্ভজ মৌক্তিক মাল্যবহং,
ৰহলোৰস মিষ্টদ সৰ্ব্ব সহং,
সহযায়তি পদ্মলাক্ষ চিদং,
চিদানন্দ বিনোদ বেদ বিদং,