উনবিংশ অধ্যায়
ৰাজসভাত শঙ্কৰৰ বিচাৰ জয় আৰু প্ৰতিষ্ঠা
লাহে লাহে গৰমলিৰ মুখে নৰনাৰায়ণ ৰজাই শুনিবলৈ পালে, কেনেকৈ শুক্লধ্বজে শঙ্কৰদেৱক তেওঁৰ দূতৰ হাতৰপৰা কাঢ়ি আনি নিজৰ ঘৰত লুকাই থৈ দিছে। তেওঁ এদিন সভাৰ মাজত স্পষ্টকৈ কলে যে “মোৰ ননুৱে মোক ভাণ্ডি শঙ্কৰক আনিলে ভালেই হল। এতিয়া ননুৱে শঙ্কৰক এবাৰ মোৰ ওচৰলৈ পঠিয়াই দিলেই ভাল হয়; মইও শঙ্কৰক লগ পাব খোজোঁ, তেওঁৰ সৈতে ভালকৈ আলাপ কৰিবৰ মোৰ মন গৈছে। শুনিছোঁ তেওঁ হেনো বিবিধ শাস্ত্ৰত পণ্ডিত; বিস্তৰ গীত ভটিমা কবিতা আৰু শাস্ত্ৰ কৰিছে; তেওঁৰ মত কোনেও খণ্ডন কৰিব নোৱাৰে; তেওঁ নো কেনেমতে হৰিভক্তি প্ৰচাৰ কৰিছে, তেওঁৰে সৈতে আলাপ কৰি মোৰ জানিবৰ মন গৈছে। এতেকে দূত এজন যোৱা, মোৰ ভাই-ৰজাক কোৱাঁ গৈ, তেওঁ যেন শঙ্কৰক সোনকালে মোৰ ওচৰলৈ পঠিয়াই দিয়ে। ননুক কব, তেওঁ যেন মোৰ আন প্ৰকাৰ মতলব বুলি নাভাবে।" ৰজাৰ এই কথা দূতে গৈ চিলাৰায়ক কলত, চিলাৰায়ে দূতক কলে যে “দদাই আগেয়ে শঙ্কৰৰ বিষয়ে যেনে যেনে কথা কৈছিল সেইবোৰ কথালৈ মন কৰিলে মোৰ মনত শঙ্কা হয়; সেইদেখি দদাই তেওঁৰ এজন স্নেহৰ পাত্ৰ লোকক মোৰ ওচৰলৈ পঠিয়াই দিয়ক; সেই লোক জনক মই ৰাখি থৈহে শঙ্কৰক দদাৰ ওচৰলৈ পঠিয়াম। যদি দদাই শঙ্কৰক কোনো দুখ দিয়ে, তেনেহলে মই দদাৰ সেই লোকজনক কটাম।”
ভায়েকৰ এই কথা নৰনাৰায়ণে দূতৰ মুখে শুনি, তেতিয়াই এজন তেওঁৰ স্নেহৰ পাত্ৰক ভায়েকৰ ওচৰলৈ পঠিয়াই দিলে। শুক্লধ্বজে সেই পাত্ৰজনক নিজৰ ওচৰতে ৰাখি শঙ্কৰদেৱক ৰজাৰ ওচৰলৈ পঠিয়াই দিলে; আৰু তেওঁ ঘেৰাৰ ডাক নিযুক্ত কৰিলে যাতে শঙ্কৰদেৱৰ বিষয়ে দাঁড়ৰ