পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

লোক কোন আৰু কলৈ যায় বুলি তেওঁলোকক শুধিলত, নাৰায়ণ ঠাকুৰে কলে যে তেওঁলোক শঙ্কৰদেৱৰ ভক্ত, শঙ্কৰদেৱৰ খবৰ লবলৈ আহিছে; কাৰণ তেখেত কত আছে, কলৈ গল, তেওঁলোকে একো বাতৰি নাই পোৱা। এইকথা শুনি বজাৰ দূত দুটাই শঙ্কৰদেৱৰ সলনি তেওঁলোক দুজনকে ধৰি লৈ গৈ নৰনাৰায়ণ ৰজাৰ আগত হাজিৰ কৰি দিলে গৈ। দূতে ৰজাৰ আগত কলে, যে সিহঁত পোৱাৰ আগেয়েই শঙ্কৰ কৰবালৈ পলাই গল; শঙ্কৰৰ এই দুজন প্ৰিয় শিষ্য; সেইদেখি সিহঁতে এওঁলোককে ধৰি আনিছে। দুতৰ কথা শুনি নৰনাৰায়ণ ৰজাই তেওঁলোক দুজনক শুধিলে, “তহঁতে ক, শঙ্কৰ কলৈ গল? তেওঁলোকে কলে “আমি একো নাজানো। ৰজাই তেওঁলোকক কলে “শঙ্কৰৰ কেনে ব্যৱহাৰ চাওঁকচোন, সকলো প্ৰজাক শঙ্কৰে কেনে অধৰমী কৰিছে; কাকো পূজা হোম আদি কৰিব নিদিয়ে। ব্ৰাহ্মণসকলে শঙ্কৰ অধৰ্ম্মী বুলি মোৰ আগত গোচৰ দিছে , এই কথা সঁচা নে মিছা তহঁতে ঠিক কৈ কচোন? ৰজাৰ এই প্ৰশ্ন শুনি তেওঁলোক দুজনে হাতযোৰ কৰি কলে “মহাৰাজ, শঙ্কৰৰ শুদ্ধ মত বুলি সকলোৱে জানে। ব্ৰাহ্মণসকলে মিছা কথা কৈ পাতক সঞ্চয় কৰিছে মাথোন।” তেওঁলোকৰ মুখৰপৰা এই কথা শুনি ৰজাই ক্ৰোধ কৰি দূতক কলে “ইহঁতে মিছা কথা কৈছে। সকলোৱে শঙ্কৰ অনাচাৰী বুলি কয়। ইহঁতক শাস্তি কৰিবলৈ লৈ যা, যেতিয়ালৈকে ইহঁতে সচা কথা নকয় তেতিয়ালৈকে ইহঁতক শান্তি কৰি থাকিবি।” ৰজাৰ হুকুম শুনি দূতে তেওঁলোকক বাহিৰলৈ আনি শাস্তি দি কলে “শঙ্কৰ অধৰ্ম্মী অনাচীৰ বুলি কহঁক, নকলে তহঁতে জীৱনৰ আশা এৰি দে।” ঠাকুৰ আতাই উত্তৰ দিলে “শঙ্কৰৰ ধৰ্ন্মমত অতি শুদ্ধ; গীতা ভাগৱত শাস্ত্ৰ অনুযায়ী।” যতবাৰ নাৰায়ণ ঠাকুৰে শঙ্কৰৰ শুদ্ধ মত বুলি কয়, ততবাৰতে তেওঁলোকক মাৰে আৰু হাত ভৰি মূৰ গা আদিত ভয়ানক শাস্তি দিয়ে। নাৰায়ণ ঠাকুৰৰ যি অঙ্গতে দূতে শাস্তি দিয়ে, তেওঁ তেতিয়াই তাৰ বিষয়ে কয়,-- ‘‘আতা বোলে হস্তে কৃষ্ণ কৃত্যক নকৰে॥ পাৱে গুৰু ঘৰে নতু কৰয় গমন। মাথা গোটে গুৰু পাৱে নকৰে বন্দন॥ সি কাৰণে অঙ্গ সবে শাস্তিক পাৱয়। ভাল হৈছে কৰ শাস্তি যতেক পাৱয়।” মাৰি মাৰি দূত হাইৰণ হৈ শেহত সিহঁতে অন্ধৰা-খৰি আনি তাৰে তেওঁলোকক কোবা- বলৈ ধৰিলে। বৰকৈ পীড়া পাই, এবাৰ গোকুলচান্দে দুতক কলে, “আৰু