ৰজাৰ আজ্ঞা শুনি তেতিয়াই মন্ত্ৰীয়ে দুজনদূত শঙ্কৰক ধৰি নিবলৈ পাচিলে। ৰজাৰ এই কথা ভায়েক শুক্লধ্বজে শুনি বৰ বেজাৰ পাই, অলপমান পৰ ভাবি থাকি, পিছত মনতে কৰ্তব্য থিৰ কৰি, আঠজন দূত, নাও নাৱৰীয়াৰে সৈতে, শঙ্কৰদেৱক লৰালৰিকৈ তেওঁৰ ওচৰলৈ আনিবলৈ পঠিয়াই দিলে। তেওঁ মাজীক ডাঢ়াই ডঢ়াই হুকুম দিলে যে সিহঁতে ৰাতিয়ে দিনে বেগা- বেগিকৈ নাও বাই গৈ, ৰজাৰ দূতে শঙ্কৰক ধৰাৰ আগেয়েই যেন তেওঁক নাৱত তুলি তেওঁৰ ওচৰলৈ লৈ আহে। সিহঁত শঙ্কৰ ওচৰ পোৱাৰ আগে- য়েই যদি ৰজাৰ দূতে সেইখিনি পাই শঙ্কৰক ধৰে গৈ তেন্তে সিঁহতে ৰজাৰ দূতৰ হাঁতৰপৰা শঙ্কৰক বলেৰে কাঢ়ি আনিব। যদি সিহঁতে ৰজাৰ হুকুমত শঙ্কৰদেৱক ৰজাৰ দূত পোৱাৰ আগেয়ে বা পিছতো সাৱধানে আনিব নোৱাৰে, তেন্তে সিহঁতক তেওঁ নিশ্চয় গুৰুতৰ দণ্ড দিব। সিহঁতে ৰজাৰ দূতক দেখুৱাই, শঙ্কৰদেৱৰ গাত সূতাৰ কাৰ্ ষণা সম্পৰ্কে জগৰ আছে বুলি কৈ বন্দী কৰিব। কিন্তু সাৱধান, শঙ্কৰে যেন বাটত কোনো দুখ বা অপমান নাপায়। চিলা ৰায়ৰ এই হুকুমতে তেওঁৰ আঠজন দূত আৰু মাজীহঁতে দুদিনে পাটবাউসী পাই, শঙ্কৰদেৱক এই বাতৰি কলত, শঙ্কৰদেৱে হাঁহি সিহঁতক অনুমতি দিলে, আৰু সিহঁতে তেওঁক দেখুৱাই বন্দী কৰিলে। সেই সময়তে নৰনাৰায়ণ ৰজাৰ দূত দটা আহি তাত উপস্থিত হল। ৰজাৰ দূতে শঙ্কৰক ধৰিবলৈ হাত মেলোতেই, চিলাৰায় দেৱানৰ দূতে সিহঁতক ঢকা মাৰি খেদি আঁতৰাই কলে ‘যদি তহঁতে ভালে ভালে সাৰি যাবৰ আশা কৰিছ, তেন্তে খবৰদাৰ, শঙ্কৰদেৱৰ গাত হাত নিদিবি; এওঁক আমি ছোট ৰজাৰ হুকুমমতে আগেয়ে বন্দী কৰিছো; সুতাৰ ধনৰ বাবে এওঁৰ গাত জগৰ আছে।"
ৰজাৰ দূতক এইদৰে খেদাই দি, শুক্লধ্বজৰ দূতে শঙ্কৰদেৱক অতি সন্তৰ্পণে নাৱত তুলি লৈ আহিল। শঙ্কৰদেৱৰ লগত মাত্ৰ চাৰিজন ভকত আহিছিল শুক্লধ্বজে শঙ্কৰদেৱক অতি সমাদৰ কৰি, তেওঁৰ ফুলনিৰ বহাত গুপুতে থৈ দিলে।
নৃপতিৰ দূত দুজনে তেতিয়া কি কৰিব, কি হব, ভাবিবলৈ ধৰিলে; কাৰণ সিহঁতে শঙ্কৰক ধৰি নিব নোৱাৰিলে ৰজাই সিহঁতক যে কটাব সেইটো এক প্ৰকাৰে থিৰাং। এইদৰে সিহঁতে বাটত ভাবি গৈ থাকোঁতে, সিফালৰ- পৰা নাৰায়ণ ঠাকুৰ আৰু গোকুলচান্দক অহা দেখিলে। দুত দুটাই, তেওঁ-