অষ্টাদশ অধ্যায়
স্বধৰ্ম আৰু গুৰুৰ অৰ্থে প্ৰাণবিসৰ্জন কৰোঁতাসকল
ব্ৰাক্ষ্মণসকলে শঙ্কৰদেৱৰ ওচৰত তৰ্কত হাৰি লাজ পাই ভোটা হৈ গৈ, আন প্ৰকাৰ কটু বুদ্ধিৰ আশ্ৰয় লৈ তেওঁৰ ওপৰত জয়লাভ কৰিবলৈ থিৰ কৰিলে। তেওঁলোকে আলচ কৰি শঙ্কৰৰ নাম ৰজাৰ আগত মিছা গোচৰ দিবলৈ বেহাৰলৈ গল। বিলৰ পানীত পেলোৱাৰ পিছত মাটি খহি যোৱা এখন কালীৰ প্ৰতিমাৰ চোহোঙ্গা-জুমুধিটো বিলৰপৰা তুলি লৈ গৈ তেওঁ- লোকে ৰজাক দেখুৱাই গোচৰ দিলে যে “মহাৰাজ শঙ্কৰৰ কাৰ্য্য চাওক। শঙ্কৰে অনাচাৰ কৰি আপোনাৰ ৰাজ্য তল নিয়ালে। তেওঁ বেদ নামানে, গীতা শাস্ত্ৰ নেমানে, তুলসীৰ গোন্ধ নলয়, তাৰ নাম নুশুনে, যাগ যজ্ঞ পিতৃ শ্ৰাদ্ধ সকলোকে নিষেধ কৰিলে, আৰু তেওঁৰ কথা শুনি সকলো লোকে সেইবোৰ কৰিবলৈ এৰিলে।” এইকথা শুনি নৰনাৰায়ণ ৰজাই ব্ৰাহ্মণ- সকলক কলে যে মই শঙ্কৰক ভালকৈ জানো; তোমালোকে যদি এইবোৰ অভিযোগ প্ৰমাণ কৰিব নোৱাৰা তেন্তে পিছত তাৰ ফল পাবা।" ব্ৰাক্ষ্মণ- সকলে আকৌ উৰ্দ্ধবাহু হৈ কলে, “মহাৰাজ, শঙ্কৰে ধৰ্ম্মৰ বিৰোধী ধৰ্ম প্ৰচাৰ কৰিছে; তেওঁ শাস্ত্ৰ নামানে, তেওঁৰ কোনো আচাৰ বিচাৰ নাই; এক শৰণীয়া বুলি তেওঁ তেওঁৰ ধৰ্ম্ম বখানে, কিন্তু তাৰ ফলত সকলো লোক ভষ্টাচাৰী হৈ পৰিছে। মহাৰাজ আপুনি যদি ইয়াৰ বিচাৰ নকৰে তেন্তে আপোনাৰ শ্ৰীযশ আয়ু নষ্ট হব।” এইদৰে টানকৈ নানা কথা শঙ্কৰৰ বিপক্ষে বাহ্মণসকলে কৈ ৰজাক উদগালত, ৰজাৰ বৰ খং উঠি, তেতিয়াই ৰজাই মন্ত্ৰীক কলে, “চোৱাঁচোন, শঙ্কৰে"কেনেকৈ মোৰ ৰাজ্যত ধৰ্মলোপ কৰিছে। শঙ্কৰক মই নিশ্চয় বিনাশ কৰিম। শঙ্কৰৰ ছালেৰে ডামামা ছোৱাম আৰু হাড়েৰে ডামামা বজোৱাম, মঙহ হেঙাল কুকুৰক খুৱাম। মন্ত্ৰী তুমি এতিয়াই পঠিয়াই শঙ্কৰক ধৰাই অনোৱা, ক্ষন্তেকো বিলম্ব নকৰিবা