এই কথা শুনি মাধৱদেৱে ৰামৰায়ক লগত লৈ এখন গাঁৱত সোমালগৈ।
গাঁৱত সোমায়েই তেওঁ সেই গাঁৱৰ কি নাম, আৰু তাৰ কোন ঠাকুৰীয়া
ইত্যাদি শুধি জানিলে যে, গাওঁখনৰ নাম ঠাকুৰীয়া, আৰু সি চিলাৰাই ৰজাৰ
মহল। এই কথা শুনি মাধৱে কাৰ্য সিদ্ধি হব ভাবি, ঠাকুৰীয়াক ডবিয়াই
কলে, “ৰজাৰ শহুৰেক আহিছে, তই দেখোন একো যোগান ধৰা নাই,
একো খৰৰ কৰা নাই? "এই কথা শুনি ঠাকুৰীয়াই ভয় খাই লৰালৰিকৈ
চাউল-সিধা আদি দ্ৰব্যবস্তু যোগাই দিলে। পিছদিনা তিনিপৰীয়া বেলিকা
শঙ্কৰদেৱমাধৱদেৱ ভকত সকলেৰে সৈতে পাটবাউসী থান পালেহি।
তেওঁলোকক দেখি সকলোৰে আনন্দৰ পাৰ নোহাৱা হল। শঙ্কৰদেৱৰ পত্নীয়ে লৰালৰিকৈ পানী আনি স্বামীৰ পদ প্ৰক্ষালন কৰি দিলে; ঠাকুৰ- সকলে পিতৃৰ চৰণত পৰি প্ৰণাম কৰিলে; মাধৱদেৱেও গুৰুপত্নীৰ চৰণত পৰি সেৱা কৰিলে। গুৰুপত্নীয়ে মাধৱক আশীৰ্বাদ কৰি ধন্য ধন্য বুলি প্ৰশংসা কৰি কলে “বাপু, তোমাৰ কৃপাত মই স্বামীগুৰুক আকৌ পালোঁ; মই এইখিনি কালত মৰি আছিলোঁ, আজিহে তোমাৰ কৃপাত মই জীৱ পালোঁ।”
ইয়াৰ পিছত মাধৱদেৱে শ্ৰীৰাম আৰু নাৰায়ণদাস আতাৰে সৈতে নিজৰ ঠাই গণককুচিলৈ গল, আৰু নাৰায়ণ ঠাকুৰে মাধৱক ঘৰত থৈ তেওঁৰ নিজৰ গৃহলৈ গল।
শঙ্কৰদেৱ পাটবাডসী পালত হৰিদেৱ দামোদৰদেৱ আদি আহি তেওঁক তীৰ্থৰ সকলো কথাবাৰ্তা শুধি শুনি পৰম আনন্দ লাভ কৰিলে। চিলাৰ ব্ৰাহ্মণসকল তেওঁৰ ওচৰলৈ আহিল; শঙ্কৰদেৱে যত যি হৈছিল ব্ৰাহ্মণসকলৰ আগত সকলে লাহে লাহে বিবৃত্তি কৰি শেহত কলে যে “সৰ্ব্বতীৰ্থশিৰোমণি নাম-ধৰ্ম সাৰ। নামৰ কিঙ্কৰ তীৰ্থ যজ্ঞ ব্ৰতাচাৰ॥ জানিয়া ব্ৰাহ্মণ নাম- ধৰ্মক কৰিয়ো। নাম প্ৰসাদে তোৰা বৈকুণ্ঠে চলিয়ো॥এই কথা শুনি ব্ৰাক্ষণসকলে শাস্ত্ৰৰ শ্লোক মাতি বিচাৰ কৰি নানাপ্ৰকাৰ অৰ্থ ব্যাখ্যা কৰিবলৈ ধৰিলত, শঙ্কৰদেৱে সেই শ্লোকবোৰৰ ভিন্ন ভিন্ন আচল অৰ্থ কৰি ব্ৰাক্ষণ সকলক বুজাই দিলে; তেতিয়া ব্ৰাক্ষমণসকলে আৰু মাতিব নোৱাৰা হৈ লাজ পাই উঠি ঘৰাঘৰি গল।