পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


চিহ্ণ নাই, কালক্ৰমত সেইবোৰ বিভিন্ন হৈ পৰিছে; দশম শাস্ত্ৰৰ বৰ্ণনা মতে বৃন্দাবন এতিয়া নেদেখিলে শাস্ত্ৰৰ কথাত আমাৰ মনত শঙ্কা উপজিব পাৰে, গতিকে দশমতে যি বৃন্দাবন দেখিছোঁ। সেয়েই যথেষ্ট; সেইদেখি আৰু বৃন্দাবন দৰ্শন কৰিবলৈ মোৰ মন নাই। আপোনাৰ চৰণত বাপ, এই প্ৰাৰ্থনা, যেন এই ভৃত্যৰ মনোৰথ পূৰণ কৰে।" এই কথা শুনি শঙ্কৰদেৱে হাঁহি কলে “বঢ়াৰ পো যলৈ নাযায় তালৈ আমাৰ যোৱা নষুৱায়। এতেকে আমি সকলো উজনিলৈহে যাম।”

 বাটত যাওঁতে এদিন বৰ ৰদত পুৰি-ডেই তেওঁলোক নৈৰ পাৰৰ এজোপা বৰ গছৰ তলত বহি জিৰাইছিল; পিয়াহত সকলোৰে মুখ শুকাই গৈছিল। এনেতে মাধৱদেৱে থেকেৰাৰ বৰি উলিয়াই আনি দিলত, তেওঁলোকে বৰি মুখত লৈ পানী খাই সুস্থ হৈ পৰিল। শঙ্কৰদেৱে মাধৱৰ এনে সুবদ্ধি দেখি তেওঁক প্ৰশংসা কৰিবলৈ ধৰিলে। পূবমুখে গৈ তেওঁলোকে কিছুদিনৰ মূৰত ভাগীৰথী পাই তাত স্নান দান আদি কাৰ্য্য কৰি ৰল।

 এদিন যাওঁতে বাটত, বলোৰাম আতৈয়ে পানীকাৰ্য্য ৰ নিমিত্তে অলপ পিছ পৰিছিল। দুটা খটে তেওঁক অকলশৰীয়াকৈ পাই গৰুৰ হাড়েৰে কোবাই মাৰিবলৈ ধৰিছিল। বলোৰামৰ চিয়ঁৰ শুনি শঙ্কৰদেৱে লগৰ আন ভকতসকলক লৰুৱাই পঠিয়াই দিলত, তেওঁলোকে বলোৰামক খট দুটাৰ হাতৰপৰা এৰুৱাই খটদুটাক বান্ধি মাৰ-ধৰ কৰি শঙ্কৰদেৱৰ ওচৰলৈ লৈ গলত, শঙ্কৰদেৱে সিহঁতক মাৰিবলৈ হাক দি কলো “বলোৰামক শোধাঁ, তেওঁ ইহঁতক যি শাস্তি দিবলৈ কয়, তাকে কৰিবা।” বলোৰামে কলে “মোৰ অদৃষ্টত লিখন আছিল মই মাৰ খালোঁ; ইহঁতৰ কি দোষ? ইহঁতক এৰি দিলেই ভাল।” এই কথা শুনি শঙ্কৰদেৱে বলোৰামক প্ৰশংসা কৰি কলে-“হৰিৰ ভকতে পৰৰ অপকাৰ অলপো নিশ্চিন্তে; নিজৰ সুখ দুখলৈ অলপো কাণ নকৰি, সুখ-দুখ নামানি সৰ্ব্বতিকালে ভূতদয়া আচৰণ কৰে। ইয়াৰ পিছত গৈ থাকোঁতে বৰ ৰদৰ তাপত দুখ পাই শঙ্কৰদেৱ ভকতসকলেৰে সৈতে এজোপা গছৰ ছাঁত জিৰাবলৈ বহিল। গছৰ তলত বহি শঙ্কৰদেৱে ভকতসকলৰ আগত টিপচী চৰাইৰ এটি দৃষ্টান্ত কলে- “এদিন এটি টিপচী চৰাইয়ে এঠাইত পৰি পাখি জোকাৰি ধুলি লৈ অকণমান খোৰ এটি কৰিছিল; সেই খোৰতে কপৌ এটা পৰি বুলি লৈ গলত