দেখি পৰম আশ্চৰ্য্যান্বিত হয়। তেওঁলোকে ইয়াৰ পিছত নাভি-গয়াঁ পাই বৰাহ বিষ্ণুক দৰ্শন কৰি তাৰপৰা চাৰি দিনে মহানদী পালেগৈ। মহানদীত স্নান দান কৰি, আঠাৰনলা চকি পাই তাতে তেওঁলোক খাইদাই বাতি থাকিল; আৰু তাৰ পৰা পাণ্ডাই শঙ্কৰদেৱক জগন্নাথ মহাপ্ৰভুৰ প্ৰসাদ দি ভকতসকলেৰে সৈতে আগ বঢ়াই নিলে। শঙ্কৰদেৱে ভক্তসকলেৰে সৈতে সমুদ্ৰত নাৰিকল দি স্নান কৰিলে; সাগৰৰ ঢৌ লৈ স্নান কৰোঁতে সাগৰ- জুলি কাপোৰ পাই তাক ভকতসকলৰ মাজত ভগাই দিলে; মাধৱদেৱে সেই কাপোৰৰ এডোখৰ দশম পুথি মেৰাই থবলৈ ৰাখিলে। ইযাৰ পিছত শঙ্কৰদেৱে গৰুড়ক প্ৰণাম কৰি, অক্ষষ-বট-বৃক্ষক আলিঙ্গন কৰিলে। শঙ্কৰদেৱ সিংহদ্বাৰ পালতে তেওঁক ভিতৰলৈ সোমাবলৈ কলত শঙ্কৰদেৱে কলে যে, “যাব নোৱাৰি; কাৰণ দ্বাৰত ব্যৱধান আছে; দুৱাবৰ তলত অষ্টাধিক এশ শালগ্ৰাম পোতা আছে, সেইসকলক ডেই কেনেকৈ যাম? পাথৰখন গুচাই তোমালোকে চোৱাঁ, হয় নে নহয়।” এইকথা শুনি পাণ্ডাসকলে অচৰিত মানি শিলাকুটি আনি পাথৰ গুচাই দেখে যে সঁচা। তাৰপৰা সেই অষ্টাধিক এশ শালগ্ৰাম শিলা তুলি নি তেওঁলোকে মন্দিৰৰ বাহিৰে দক্ষিণ ফালে থাপনা কৰি থলে, তাতে আজিলৈকে আছে।
ইয়াৰ পিছত শঙ্কৰদেৱে নাটমন্দিৰত প্ৰবেশ কৰি দ্বাৰদেশৰ খুটাত হাত দি দাৰুব্ৰহ্ম জগন্নাথ মূৰ্ত্তিৰ মুখপদ্মলৈ একেথৰে চাই থাকোঁতে সেই খুটাত তেওঁৰ আঙ্গুলিৰ সাঁচ ৰল। আজিলৈকে তাত সেই সাঁচ আছে, যাক শঙ্কৰদেৱৰ হাতৰ আঙ্গুলিৰ চিহ্ন বুলি কয়। থিয় হৈ থকা শিলৰ ওপৰতো পাৱৰ খোজ চিহ্ন ৰল, সেই চিহ্ন লক্ষ্মীৰ স্তম্ভৰ ওপৰত আজিও দেখিবলৈ পোৱা যায়। মাধৱদেৱে জগন্নাথৰ মুখলৈ চাই তেতিয়াই এটি গীত ৰচনা কৰি গালে। গীতটি তলত তুলি দিলোঁ,—
“মোক দেখ না কেনে ওহে জগন্নাথ মই বৰ পাপীৰ পাপী।
সংসাৰ কুপত পৰিয়া তোমাৰ চৰণে নধৰোঁ চাপি॥
দেৱে নাহি পায় মানবী হৈবাক, মই পাপী আসিয়া পাইলোঁ।
তোমাৰ ভকতি-অমিয়া ত্যজিয়া বিষয়-গৰল খাইলো॥
কত তপসাই নৰতনু পাই গোৱাইলোঁ বিষয় ভোলে।
যেন চিন্তামণি অমূল্য ৰতনি বিকাইলোঁ কাঞ্চৰ মোলে।৷