ইতিমধ্যে, সৌভাগ্যবশত, বেজবৰুৱাদেৱৰ উক্ত পুথিখনৰ দ্বিতীয় সংস্কৰণৰ বাবে বেজবৰুৱাদেৱে নিজেই যুগুতাই থৈ যােৱা পাণ্ডুলিপিটোকে বেজবৰুৱাদেৱৰ কন্যা, স্বর্গীয় ৰােহিনী বৰুৱাদেৱৰ পত্নী, শ্রীমতী ৰত্না বৰুৱাৰ পৰা পােৱা হল। বেজবৰুৱাদেৱে দ্বিতীয় সংস্কৰণৰ বাবে যুগুতােৱা এই পাণ্ডুলিপিটোত প্রথম সংস্কৰণৰ পুথিৰ পৰা ভালেখিনি কথা বিয়োগ কৰিছে আৰু ভালেখিনি যােগ কৰিছে। এই যােগ- বিয়োগ তেখেতে নিজ হাতৰ আখৰেৰে যি ধৰণে কৰি থৈ গৈছে, আমি তাৰ অকণাে হেৰফেৰ নকৰাকৈ হুবহু মুদ্ৰণ কৰিছো। আনকি বেজবৰুৱাদেৱে পুথিখনৰ জোৰণিপাত কেইখিলাও তেখেতে কৰি যােৱা পৰিকল্পনা অনুসৰি কৰা হৈছে।
আৰু এটা কথা আমি এই খিনিতে অতি সন্তর্পনে উল্লেখ কৰাৰ আৱশ্যকতা অনুভৱ কৰিছোঁ যে বেজবৰুৱাই যি কালত এই পুথিখন ৰচনা কৰিছিল সেই কালত এনে ধৰণৰ ই প্রথম চেষ্টা কাৰণে ইয়াৰ তথ্য পাতিবােৰ পােৱাটো স্বাভাৱিকতে তেনেই দুঃসাধ্য আৰু সীমা- বদ্ধ আছিল আৰু বেজবৰুৱাই তাৰ ওপৰতে ভেটি কৰি এই পুথি লিখি- ছিল। বেজবৰুৱাৰ পিচত এই সুদীর্ঘ পঞ্চাশ বছৰৰ ভিতৰত শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ বিষয়ে ভালেমান নতুন তথ্যপাতি উদ্ধাৰ হৈ আছে আৰু গুৰু দুজনাৰ ওপৰত নতুন আলােকপাত হৈছে। সেই ফালৰ পৰা বিচাৰ কৰিলে এতিয়া বেজবৰুৱাৰ এই ৰচনাৰ কোনাে কোনো ঠাইত কিবা খুঁত বা আসেৱাহ আদি ওলোৱাৰ শঙ্কাও নোহোৱা হয়। কিন্তু সেইবােৰৰ প্রতিকাৰ কৰিবলৈ যােৱা মানে বেজবৰুৱাৰ পুথিখন চালি জাৰি আকৌ নকৈ লিখাৰ দৰেই হব ; যিটো কাম কৰিবলৈ গৈ বেজবৰুৱাৰ লিখাৰ ওপৰত হাত চলাই তেখেতৰ ৰচনাক অজ্ঞানতঃ আমি বিকৃত কৰাৰ দুঃসাহস কোনো- পধ্যে কৰিব নােৱাৰো ।
বেজবৰুৱাদেৱে এই আপুৰুগীয়া পুথিখনৰ পৰিমার্জিত সংস্কৰণটোৰ সকলাে কাম শেষ কৰিছিল যদিও তাক প্ৰকাশ কৰাৰ সময় নাপালে। আমি তেখেতৰ সেই অসম্পূর্ণ কাম সমাপন কৰাৰ সৌভাগ্য লাভ কৰি গৌৰৱান্বিত হৈছো ।
-প্ৰকাশক