সপ্তদশ অধ্যায়
শঙ্কৰদেৱৰ দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ
ইয়াৰ কিছুদিনৰ পিছত নৰনাৰায়ণ ৰজা তেওঁৰ নতুন ৰাজধানী বৰ- নগৰৰ পৰা কোচবেহাৰৰ তেওঁৰ পুৰণি ৰাজধানীলৈ গলত, শঙ্কৰদেৱে তীৰ্থলৈ যাবলৈ মন কৰিলে। তেওঁ মাধৱদেৱ, নাৰায়ণ ঠাকুৰ,ৰামৰাম গুৰু, ৰাম ৰায় আৰু আন আন ভকত আৰু ব্ৰাহ্মণসকলক লগত লৈ তীৰ্থলৈ যাবলৈ উদ্যোগ কৰিলত, সেই বাতৰি শুনি শঙ্কৰৰ ভাৰ্য্যা কালিন্দীয়ে খেদ কৰি বিশ্বাসে মাধৱদেৱক মাতি আনি কলে “মাধৱ, গোঁসাই তীৰ্থলৈ যাবলৈ ওলাইছে, কিন্তু তেওঁ যদি বৃন্দাবনলৈ যায়, তেন্তে আৰু উভতি নাহে, আৰু মই অনাথিনী হম; এতেকে তোমাক খাটিলোঁ, যাতে গোসাই বৃন্দাবনলৈ নাযায় তাৰ দিহা কৰিবা। তোমাৰ কৃপাতেহে যদি মই অনাথিনী নহৈ স্বামীক পাওঁ।” এই কথা শুনি মাধৱদেৱে গুৰুপত্নীক আশ্বাস দি কলে “আই, আপুনি চিন্তা নকৰিব, আপোনাৰ চৰণৰ প্ৰসাদত এই সেৱকে আপোনাৰ বস্তু আপোনাক নিশ্চয় আনি দিব।” এই কথা শুনি গুৰু পত্নীয়ে মন থিৰ কৰি মাধৱক প্ৰশংসা কৰিবলৈ ধৰিলে। শুভ তিথি শুভ দিনত মাধৱদেৱকে আদি কৰি ছকুৰি ভকতেৰে সৈতে শঙ্কৰদেৱে তীৰ্থ যাত্ৰা কৰিলে। পথত যাওঁতে শঙ্কৰদেৱে নানা লীলা কৰি গৈছিল, বাহুল্যৰ ভয়ত দুটা এটাৰ বাহিৰে সেইবোৰ ইয়াত বিবৃত কৰা নগল।
শঙ্কৰদেৱ সাতদিনৰ বাট যোৱাৰ পিচতসেৱকসকলে তেওঁলোকৰ লগত যি আহাৰৰ দ্ৰব্যবস্তু লৈ গৈছিল সেইবোৰ ঢুকালত শঙ্কৰদেৱে তেওঁ- লোকক শুধিলে, কাৰ হাতত কি টকা-কড়ি আছে? যাৰ হাতত যি টকা- শিকা আছিল সকলোৱে স্পষ্টকৈ শঙ্কৰদেৱৰ আগত কলে। উদাৰ-গোবিন্দ নামে ভকত এজনে কলে “মোৰ হাতত টকা-কড়ি একো নাই।" শৰদেৱে কলে যাৰ হাতত টকা-কড়ি নাই তেওঁ মোৰ খৰচত খাব।”