পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

এই কথা শুনি ৰজাই সন্তোষ লভি তেনে কৰিবলৈ আজ্ঞা দিলে, আৰু আদেশ প্ৰচাৰ কৰিলে যে তেওঁ শঙ্কৰদেৱক তাঁতীকুচি আদি ৰাজ্যখণ্ডৰ ওপৰত অধিকাৰ প্ৰদান কৰি পাটবাউসীত বৰভূঞা পদত অভিষেক কৰিলে আৰু সেই খণ্ডৰ ৰাজ্যৰ চৰ্চ্চা, পালন আক শাসন কৰিবলৈ ক্ষমতা দিলে। ককায়েক নৰনাৰায়ণ ৰজাৰ হাতত শঙ্কৰদেৱে এইদৰে সন্মান আৰু সমাদৰ পোৱাত শুক্লধ্বজে পৰম আনন্দ লাভ কৰি, শঙ্কৰদেৱক আকৌ নিজৰ ঘৰলৈ লৈ আহি স্বামী স্ত্ৰী দুযো তেওঁৰ ওচৰত শৰণ লবৰ নিমিত্তে অনেক অনুনয় বিনয় কৰি প্ৰাৰ্থনা কৰিলত, শঙ্কৰদেৱে তেওঁলোকক শৰণ দিলে। ইয়াৰ পিছত শুক্লধ্বজে শঙ্কৰদেৱক নাও মানুহ লগত দি পাটবাউসীত থোৱাই দিয়ালে।

 পাটবাউসী পাই শঙ্কৰদেৱে তাঁতীবোৰক মতাই অনাই ৰজাৰ আদেশ শুনাই বৃন্দাবনীয়া কাপোৰ ববলৈ লগাই দি, কেনেকৈ কেনেকৈ পট বৈ যাব লাগিব দেখুৱাই দিলে। প্ৰথমতে কাপোৰ খনত কৃষ্ণজন্ম হোৱা সূতিকা-গৃহ তোলালে; তাৰ পিছত বসুদেবে কৃষ্ণক কোলাতকৈ পলুৱাই লৈ গৈ যমুনা পাৰ হৈ যেনেকৈ নন্দৰ ঘৰ পালেগৈ তাক তোলালে , তাৰ পিছত যেনেকৈ কৃষ্ণই পুতনাক শুহিলে, শকট ভাঙিলে, চক্ৰবাত অসুৰক বধ কৰিলে, মাটি খালে, দৈৰ ভাণ্ড ভাঙিলে, অৰ্জ্জুন ভঞ্জন কৰিলে, অঘ, বক, বৎসক বিনাশ কৰিলে, বন ভোজন, বিৰিঞ্চি-মোহন, তালফল ভক্ষণ, ধেনুকা- সুৰ বিনাশন, কালীদমন, বহ্ণা'হ্ণিপান, গোপীৰ বস্ত্ৰহৰণ, অন্ন প্ৰাৰ্থন, দ্বিজ পত্নীসকলৰ প্ৰসাদ লাভ, গোবৰ্ন্ধন ধাৰণ, বৃষ্টি নিবাৰণ, গোপিনী ৰমণ, শঙ্খচুৰ বধ কৰি গোপী উদ্ধাৰ, বলভদ্ৰৰ দ্বাৰাই প্ৰলম্ব বধ, অৰিষ্ট, ব্যোম, কেশিঅসুৰ বধ, নাৰদে আহি কৃষ্ণক প্ৰণামি সকলো বাৰ্ত্তা কোৱা, অক্ৰৰে কৃষ্ণক ৰথত তুলি মথুৰালৈ লৈ যোৱা, ৰজকক মৰা, বেশাকাৰক সাৰূপ্য মুক্তি দিয়া, সুদাম মালীক বৰ দিয়া, কুঁজীক ঋজু কৰা, কংসৰ ধনুৰ্ভঙ্গ, কবলয হস্তীবধ, চানুৰ মুষ্টিৰেৰে সৈতে মালযুজ আৰু সিহঁতক বধ, আৰু কংসবধ, শ্ৰীকৃষ্ণৰ লীলাৰ এই দৃশ্যবিলাকৰ পট কাপোৰত নানা বৰণীয়া সূতাৰে বোৱাই তুলিলে। এই কাপোৰ বোৱাবলৈ শঙ্কৰদেৱে ভকতসকলেৰে সৈতে দিনৌ তাঁতীকুচিলৈ গৈছিল, আৰু দিনৌ এবেগতকৈ বোৱাইছিল। এদিন শঙ্কৰদেৱৰ অলপ গা বেয়া হলত, তেওঁ মাধৱদেৱক সেই কাপোৰ বোৱাবলৈ যাবলৈ কলে। মাধৱে গুৰুৰ বাক্য শুনি তাঁতীকুচিৰ কাৰ্ষণা