ষোড়শ অধ্যায়
তান্তীকুচিত ৰাজ্য চৰ্চ্চা
ৰাম ৰায়ৰ কন্যা ভুবনেশ্বৰীয়ে এদিন ৰাতি হাতত মন্দিৰা লৈ শঙ্কৰ- দেৱৰ ৰচিত গীত শুৱলা সুৰেৰে গোৱা তেওঁৰ স্বামী শুক্লধ্বজে শুনি মুগ্ধ হৈ তেওঁক শুধিলে, “তুমি এনে সুন্দৰ কৰি ৰচিত গীত গাইছা?” ভুবনে- শ্বৰীয়ে কলে “মোৰ পিতৃৰ জ্যেষ্ঠ ভ্ৰাতা পৰম ধাৰ্ম্মিক বৈষ্ণৱশ্ৰেষ্ঠ সৰ্বগুণাকৰ শ্ৰীশঙ্কৰদেৱৰ ৰচনা।” শুক্লধ্বজে এই কথা শুনি বৰ আগ্ৰহ প্ৰকাশ কৰি শঙ্কৰদেৱৰ বিষয়ে সকলো বাতৰি ভাৰ্য্যাৰপৰা লৈ শঙ্কৰদেৱক দেখা পাবৰ নিমিত্তে লৈ যাবলৈ নাও মানুহ পঠিয়াই দিলে। দুতে শঙ্কৰদেৱক শুক্লধ্বজ ৰজাৰ আজ্ঞা শুনাই অতি সম্ভ্ৰম সৎকাৰ কৰি লৈ গল। শুক্লধ্বজে বৰ সমাদৰ কৰি কুশল বাৰ্ত্তা পুছি শঙ্কৰদেৱক তেওঁৰ নগৰতে ভালকৈ ৰাখিলে।
কিছু দিনৰ মুৰত “ছোটৰজা ” শুক্লধ্বজৰ ককায়েক মল্লনাৰায়ণ বা নাৰায়ণ ৰজাই ভায়েকৰ মুখে শঙ্কৰদেৱৰ কথা শুনি শঙ্কৰদেৱৰে সৈতে দেখা কৰিবৰ আগ্ৰহ প্ৰকাশ কৰাত, শুক্লধ্বজে সেই কথা শঙ্কৰদেৱক জনাই শঙ্কৰদেৱক নৰনাৰায়ণ ৰজাৰ ওচৰলৈ লৈ গল। ৰজাই তেওঁক পৰম আদৰ সন্মান কৰি তেওঁৰে সৈতে অনেক শাস্ত্ৰালাপ কৰিলে। ৰজাই শঙ্কৰ- দেৱক বিষ্ণু বৈষ্ণৱৰ কথা, বৈকুণ্ঠৰ বিৱৰণ, বৃন্দাবনৰ বৃত্তান্ত, শ্ৰীকৃষ্ণ আৰু গোপ গোপীসকলৰ বিৱৰণ, ইত্যাদি শুধিলত, শৰদেৱে সেইবোৰ তন্ন তন্নকৈ ৰজাক কলে। ইয়াৰ পিছত ককায়েক ভায়েক দুইজন ৰজাই শঙ্কৰক নম্ৰভাৱে শুধিলে যে যদি বৃন্দাবনখন কেনেকুৱা আছিল সেইটো তেওঁ পটত তেওঁলোকক দেখুৱাব পাৰে তেন্তে বৰ ভাল হয়। এই কথা শুনি শঙ্কৰদেৱে কলে “মহাৰাজ যদি আপোনাসকলৰ তেনে ইচছা হৈছে তেনেহলে কাপোৰৰ পট বোৱাৰৰ নিমিত্তে নানা বৰণীয়া সুতাৰ দিহা কৰক, চাৰি মাহৰ মুৰত সেই পট বোৱাই প্ৰস্তুত কৰি আনি দিৰ পৰা হব।”