পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


চৰণৰ প্ৰসাদত কোনো বিধিনি নোহোৱাকৈ আহিলোঁ।” এই কথা শুনি শঙ্কৰদেৱে সন্তোষ পাই মাধৱেৰে সৈতে গৃহলৈ উভতি আহিল।

 মাধৱদেৱৰ আলধৰা মাকলীৰ পুতেক ৰাম গণককুচিত মাধৱদেৱৰ বহা ৰখীয়া হৈ থাকে; মাধৱদেৱ প্ৰতিদিন তাৰপৰা শঙ্কৰদেৱৰ ওচৰলৈ আহোঁতে কেতিয়াবা অকলৈ আহিবলগীয়াতও পৰে। এদিন মাধৱদেৱ অকলৈ আহোতে বাটত তেওঁক এটা মহে খুচিবলৈ খেদি আহিছিল। মহটোৱে খেদি অহা দেখি মাধৱদেৱে নিৰ্ভয়ে তাতে থিয় দি ৰল দেখি, মহটো সচকিত হৈ দমি গৈ লাহে লাহে তাৰপৰা আতৰি গুচি গল; তাৰ পিছত মাধৱদেৱেও লাহে লাহে তাৰপৰা আঁতৰি আহিল। সেইদিনা অহাত অলপ পলম হোৱাত শঙ্কৰদেৱে, কিয় আজি পলম হল বুলি মাধৱক শুধিলত মাধৱে সেই মহৰ বৃত্তান্ত কলে। এইকথা শুনি শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰক আজ্ঞা দিলে যে মাধৱৰ সেৱা শুশ্ৰষা কৰিবলৈ আৰু দিনৌ লগত আহিবলৈ এজন আলধৰা তেওঁক যেন বিচাৰি আনি দিয়া হয়। কাৰ্য- কুশল নাৰায়ণে তেতিয়াই মানুহ এজন বিচাৰি গৈ শ্ৰীৰাম নামেৰে এজন লোকে ধাননিত ধান দাই থকা দেখি, তেওঁক আনিলে, শ্ৰীৰামেও আনন্দিত মনেৰে আহিল। এই শ্ৰীৰামেই ইয়াৰ পিছৰপৰা শঙ্কৰ মাধৱৰ অকপট নিস্বাৰ্থ নিৰ্বিকাৰ নিস্পৃহ মহাভক্ত শ্ৰীৰাম আতা যাৰ নিৰহ-নিপানী গুৰসেৱা আৰু সংসাৰত নিৰ্লিপ্তভাৱে সকলোকে আশ্চৰ্যান্বিত কৰিছিল।

 ব্যাস কলাই বাপু আৰু তেওঁৰ পুতেক এই দুয়োজন শঙ্কৰদেৱৰ সেৱক, দুয়ো শঙ্কৰদেৱৰ ওচৰত শৰণ লোৱা। দেশত বসন্ত পীড়াৰ প্ৰকোপ হৈ ব্যাস কলাইৰ পুতেক সেই ব্যাধিত পৰিলত, দেবী উপাসক বিপ্ৰসকলে ব্যাস কলাইক বুধি দিলে যে শীতলা পূজা কৰিব লাগে, শীতলা পূজা কৰিলে পুত্ৰ নমৰে। ব্যাসকলায়ে সেই কথামতে শীতলা পূজা কৰিলে। বৰং পুতেকে বাপেকক হাক দিছিল, তথাপি বাপেকে সেই নিষেধো নুশুনিলে। এই কথা শুনি শঙ্কৰদেৱে তেওঁৰ জগৰ ধৰি তেওঁক বৰ্জন কৰি এৰিলে। ব্যাসকলাইৰ পুতেক কিন্তু সেই নৰীয়াতে মৰিল। ইয়াৰ পিছত ব্যাসকলায়ে কাতৰ কৰি ৰামৰায়ক ধৰিলে যাতে শঙ্কৰদেৱে তেওঁৰ দোষ মৰিষণ কৰে। দ্বিজৰ দুখ দেখি ৰামৰায়ে ছকুৰি টকা দঁড় শঙ্কৰদেৱৰ আগত থৈ ব্যাসকলাইৰ হকে প্ৰাৰ্থনা কৰিলত, শঙ্কৰদেৱে ব্যাসকলাইক ক্ষমা কৰা দূৰত থাকক ৰামৰায়কে বৰ্জ্জন কৰিলে। ছমাহৰ মূৰতহে