পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱ যে “তোৰ কোনো সন্তান নাথাকিব।” এই শাওপাত শুনি তেওঁ ঋষিক কাতুৰ্ব্বাদ কৰি শাপ মোচনৰ প্ৰাৰ্থনা কৰিলত ঋষিয়ে কলে “বাৰু তোৰপৰা সপ্তম পুৰুষৰ পিছৰপৰাহে তোৰ বংশৰ সন্তান নাথাকিব।” এতিয়া মোতে সেই সপ্তম পুৰুষৰ ওৰ পৰিছে। এইকথা শুনি মাধৱদেৱে ভাগিন ৰাম চৰণক তাৰ মাকৰ হাতৰপৰা আনি নিজৰ কোলাত লৈ ভনীয়েকক কলে “ আই, তই কোনো চিন্তা নকৰিবি, তোৰ পুতেৰক মোক দান কৰ। ঋষিৰ শাপত মোৰ বংশ হে উছন হব, ৰামদাসৰ বংশ কেয়াঁবন বঢ়াদি বাঢ়িব।” এই বুলি মাধৱদেৱে ভাগিন ৰামচৰণক আশীৰ্ব্বাদ কৰি তাক মাকৰ হাতত দিলে।