খোদা কৰি থৈ যায়; সেইদেখি পানীৰ অভাৱত গুৰুজন মাজে সময়ে
লঘোনে-ভোকে থাকিব লগীয়াত পৰে। এই কথা গুৰুপত্নীয়ে নাৰায়ণ
ঠাকুৰক জনালত নাৰায়ণ ঠাকুৰে ভৱানীপুৰ গোপাল আতাক কৈ তেওঁৰ
হতুৱাই গুৰুজনৰ নিমিত্তে কুমাৰকুচিত এটা পাটকুৱা খনাই দিয়ালে।
শঙ্কৰদেৱৰ ঘৰৰ ওচৰতে হীৰা জাতৰ মানুহ এঘৰ আছিল। মেকুৰীয়ে হীৰাৰ ঘৰৰপৰা অপবিত্ৰ মাছ আনি গুৰুজনৰ ঘৰত পেলায়হি। হীৰাঘৰক নানাপ্ৰকাৰে বুজাই তাৰপৰা তুলিব নোৱাৰি, শঙ্কৰদেৱে মাধৱদেৱ, নাৰায়ণ- ঠাকুৰ, ৰামদাস আদি ভক্তসকলেৰে সৈতে আলচ কৰি সেই ঠাই এৰি পাটবাউসীলৈ যাবলৈ ঠিক কৰিলে। আগেয়ে তাত ৰজাৰ পাটনগৰ আছিল দেখি তাক পাটবাউসী বোলে। শঙ্কৰদেৱব অনুজ্ঞাক্ৰমে সেৱক সকলে হাবি বন কাটি পাটবাউসীত হাটী বাটী নামঘৰ মণিকূট সাজি প্ৰস্তুত কৰিলত শঙ্কৰদেৱে তাত সত্ৰ পাতিলে।
মাধৱ বাবাদিত থাকে, তাৰপৰা পাটবাউসীলৈ বহুত দূৰ। ইমান দূৰৰপৰা তেওঁ দিনৌ গুৰুসেৱা কৰিবলৈ আহোতে তেওঁৰ বৰ কষ্ট হয়, সেইদেখি শঙ্কৰদেৱে এতোলা সোণ দি এজন গণকৰপৰা বাৰী এখন কিনি তাত ঘৰ সজাই মাধৱক থাকিবলৈ দিলে।
কীত্তনঘোষাৰ শেষ ছোৱা তেতিয়ালৈকে ৰচনা কৰিবলৈ বাকী আছিল। পাটবাউসীতে শঙ্কৰদেৱে সেই ছোৱা ৰচনা কৰি কীৰ্তনঘোষা সমাপ্ত কৰে। ইযাৰ পিছত তাতে শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ প্ৰথম, দ্বিতীয়, তৃতীয়, সপ্তম, অষ্টম, দশম স্কন্ধৰ ভাঙনি কৰি পদ আৰু বলি-ছলনৰ পদ কৰে। কুৰুক্ষেত্ৰ, নিমি-নৱসিদ্ধ, ৰুক্মিণীহৰণ, ভকতি-প্ৰদীপ পুথিও পাটবাউসীতে শঙ্কৰদেৱে ৰচনা কৰে। পাটবাউসীতে তেওঁ ভাগৱতৰ একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধবো পদ-ভাঙনি কৰে। তেওৰ কালীদমন আদি নাটবোৰ আৰু আন আন গীত ভটীমা বহুত পাটবাউসীতে ৰচিত হয়। বেদ বেদান্ত গীতা ভাগৱতৰ পৰা সাৰ উদ্ধাৰ কৰি মূল সংস্কৃত ৰত্নাকৰ নামে পুথিখনো তাতে শঙ্কৰদেৱে ৰচনা কৰে।
এইবিলাক পুথি ৰচনা কৰাৰ পিছত শঙ্কৰদেৱে এদিন মাধৱদেৱক কলে—“বঢ়াৰ পো, তুমি গ্ৰন্থ এখন ৰচনা কৰাঁ, তাত ব্ৰহ্মা আদি কৰি স্থাবৰ পৰ্য্যন্ত সকলোকে ঠাই দিবা, আৰু মোকো এচুকত ৰাখিবা।”