কোন বুলি শুধিলত, ভৱানন্দই কলে “আমাৰ ঘৰ বগৰিগুৰি পৰঙ্গনাৰ
হালধি-আটী গ্ৰামত। পিতামাতাই মোৰ নাম ভৱানন্দ থলে, ৰজাই বৰ
সদাগৰ নাম দিলে। ভাস্কৰৰ মুখে আপোনাৰ কথা শুনি আপোনাক গুৰু
লভিবৰ নিমিত্তে বিচাৰি আহিছিলো; নৈৰ পাৰত দুজন ভকতে অপোনাৰ
ভণিতাৰে গীত গোৱা শুনি, মোৰ মনোবাঞ্ছা সিদ্ধি হবৰ আগন্তুক হোৱা
দেখি কৃতকৃত্য হৈ তেওঁলোকৰ মুখে সঠিক বাতৰি পাই এইখিনি পালেহি।”
শঙ্কৰদেৱে কলে ‘ভাস্কৰে পৰোক্ষে তোমাৰ উপকাৰ কৰিলে।
ভৱানন্দ, তুমি আহি মোৰ ওচৰত থিয় দিওঁতে মোৰ মুখত নাৰায়ণ নাম
ওলাল, এতেকে আজিৰপৰা তোমাৰ নাম নাৰায়ণ দিলোঁ। মোৰ পৰম
বান্ধৱ ভক্ত এজন আছে, তেওঁৰে সৈতে তোমাৰ সখ্য নিৰূপণ কৰিলোঁ।”
নাৰায়ণে শুধিলে তেওঁ কত আছে? শঙ্কৰদেৱে কলে “তেওঁৰ মাতৃশ্ৰাদ্ধ
পৰিছেহি সেইদেখি তালৈ টকা ভঙাই আনিবলৈ পুৱাই ওলাই গৈছে।”
নাৰায়ণ ঠাকুৰে কলে “মোৰ নাৱতে টকা ভঙাবলৈ পোৱা যাব, মই নাৱলৈকে
যাওঁ, আপুনি কৃপা কৰি তেওঁক তালৈকে পঠিয়াই দিব।” এই বুলি
নাৰায়ণ ঠাকুৰ যোৱাৰ পিছত, মাধৱদেৱ আহি শঙ্কৰদেৱৰ ওচৰ পাই,
তেওঁ কতো টকা ভঙাবলৈ নাপালে বুলি কলত, শঙ্কৰদেৱে তেওঁক কলে
“এজন প্ৰধান পুৰুষ এতিয়াই মোৰ ওচৰলৈ আহিছিল, তেওঁৰে সৈতে
তোমাক সখি কৰি দিলোঁ। তেওঁৰ নাৱতে টকা ভঙাবলৈ পোৱা যাব
বুলি তেওঁ কৈছিল; তেওঁ তোক অনেক প্ৰাৰ্থনা কৰি মাতি গৈছে
তুমি তালৈকে যোৱাঁ । প্ৰাৰ্থকৰ বাঞ্চা সিদ্ধি কৰিব লাগে।” এই কথা
শুনি মাধৱে গুৰুৰবাক্য শিৰোধাৰ্য্য কৰি নাৰায়ণ ঠাকুৰৰ (১) নাৱলৈ
তেতিয়াই গল। নাৰায়ণ ঠাকুৰে তেওঁৰ নাৱলৈ উভতি গৈ কেতিয়া তেওঁ
নতুন সখিক দেখিবলৈ পাব বলি বাট চাই আছে, এনেতে তাত মাধৱদেৱ
উপস্থিত হলগৈ। নাৰায়ণ ঠাকুৰে মাধৱদেৱক প্ৰণাম কৰি আদৰসাদৰ
কৰি বহুৱাই ঠগিত গুৱা পাণ আগবঢ়াই দিলত, মাধৱদেৱে তেওঁৰ টকা
ভঙাৰৰ নিমিত্তে নাৰায়ণ ঠাকুৰৰ হাতত দিলে। ঠাকুৰ আতাই সেই টকাৰ
দগুণ ভঙাই মাধৱদেৱক দিলত, মাধৱদেৱে আচৰিত হৈ সেই বেছি ভাগ
নিবলৈ অস্বীকাৰ কৰিলত, ঠাকুব আতাই তেওঁক তাক নিবলৈ প্ৰাৰ্থণা
(১) নাৰায়ণ ঠাকুৰক সংক্ষেপকৈ “ঠাকুৰ আতা”বোলে।