এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা
 

 জীৱনত যে কেতিয়াবা অফিচত কাম কৰিম সেই কথা আগতে কেতিয়াও ভবা নাছিলো। ভাগ্যৰ চকৰিত পৰি ১৯৭২ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৯৯৬ চনৰ ৩১ মাৰ্চলৈ চৰকাৰী কাম কৰি অৱসৰ গ্ৰহণ কৰিলো।

 মোৰ চৰকাৰী চাকৰিৰ সূত্ৰপাত হৈছিল লাবানৰ সেই সৰু বজাৰখনত। ডিচেম্বৰ মাহত শ্ৰীবুদ্ধ বেজবৰুৱাই বজাৰতে মোক ক'লে যে সহকাৰী স্কুল পৰিদৰ্শক পদৰ কাৰণে বিজ্ঞাপন দিছে। পিছু দিনাই মই ডি পি আইৰ কাৰ্যালয়লৈ গৈ খবৰ কৰিলো। বহুত দেৰি হ'ল বুলি ক'লে। তাৰ পিছত মই অসম লোক সেৱা আয়োগৰ কাৰ্যালয়লৈ চোঁ‌চা মাৰিলো। তাতো সেই একে কথাই। কিন্তু এজন খাচী এছিছটেন্টে মোক চেয়াৰমেনক লগ ধৰিবলৈ ক'লে।

 শ্ৰীথাংলিবা (Mr. Thangira) তেতিয়া এ পি এছ চিৰ চেয়াৰমেন, শ্বিলঙত। মোৰ কথাখিনি তেখেতে বৰ মনোযোগেৰে শুনিলে আৰু দৰ্খাস্ত কৰিবলৈ ক'লে। মই তেতিয়া বোম্বেৰ (বৰ্তমান মুম্বাই) TISS ৰ পৰা সমাজ বিজ্ঞান (Social Science) ত দ্বিতীয়বাৰৰ বাবে এম এ পাছ কৰি আহিছো। ১৯৭১ চনত মোৰ অৰ্হতা (Qualification) তেতিয়া MA, BT (Guw), MA (TISS) আৰু শিক্ষকতাৰ অভিজ্ঞতা (Teaching Experience) প্ৰায় ৯ বছৰৰ। শ্বিলঙৰ পৰাই আৱেদন কৰিলো নবেম্বৰ মাহত। ডিচেম্বৰত আমাক সাক্ষাৎকাৰৰ কাৰণে গুৱাহাটীলৈ মাতিলে। পদ (Post) মাত্ৰ এটা আৰু প্ৰাৰ্থী প্ৰায় ২৫ জনমান। Expert আছিল শ্ৰীযুতা ইন্দিৰ মিৰি বাইদেউ। সাক্ষাৎকাৰ (Interview) মোৰ খুব ভাল হৈছিল। শ্বিলঙলৈ ঘূৰি আহি পুনৰ এমাহমানৰ পিছত এদিন এ.পি.এছ.ছি অফিছুলৈ খবৰ কৰিবলৈ যাওঁতে সেই খাচী ল'ৰাজনৰ পৰাই জানিব পাৰিলোঁ। যে মই First Nomination পাইছোঁ‌। স্ফুৰ্তিত মই আপোন পাহৰা হৈ গৈছিলো।

 মোক প্ৰথমে নিযুক্তি দিলে অবিভক্ত কাছাৰত। সেই সময়ত কাছাৰত ভাষাক লৈ অসমীয়া আৰু বাঙালী লোকৰ মাজত মনোমালিন্য হৈছিল। বহুত হাক-বচন নামানি সৰুভাই ভাইটি, ভনী তুলু আৰু ভাইটিৰ বন্ধু মুকুলক লগত লৈ ভাইটিৰ এম্বেছেডৰখনেৰে কাছাৰ পালোঁগৈ। ১৯৭২ চনৰ ফেব্ৰুৱাৰীত মই শিলচৰত সহকাৰী স্কুল পৰিদৰ্শক (Asstt. Inspector of Schools) হিচাপে চাকৰিত যোগদান কৰো। প্ৰথমে হোটেলত, তাৰ পিছত আৱৰ্ত্ত ভৱনৰ (Circuit House), সাত নম্বৰ কোঠালিত ডেৰ বছৰ কটালো। আৱৰ্ত্ত ভৱনত থকা ব্যৱস্থাৰ ক্ষেত্ৰত উপায়ুক্ত শ্ৰীঅশোক পাণ্ডে আৰু হাকিম আব্দুল মালিকে মোক যথেষ্ট সহায় কৰিছিল। কাছাৰত কাম কৰি মোৰ বৰ ভাল লাগিছিল। নতুন ঠাই, নতুন মানুহ মোৰ বাবে নতুন অভিজ্ঞতা। তাত থকা অসমীয়া মানুহখিনিৰ বৰ মিলাপ্ৰীতি। সপ্তাহত এদিন কাৰোবাৰ ঘৰত খোৱা পাতিবই। বঙালী মহিলাসকলক লগত

লৈ শিল্প প্ৰদৰ্শনী (Exhibition) পাতি সিহঁতৰ মাজত মই সোমাই পৰিলো। মিটিংবোৰলৈ

(৭)