এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

আৰু মৰমীয়াল হোৱা কাৰণে কানাডাত সকলোমানুহ নিৰাপদে থাকিব পাৰে।

 কানাডা বিভিন্ন প্ৰান্তত বেলেগ বেলেগ গোষ্টীৰ আদিবাসী বিলাকবাস কৰি আছে হাজাৰ হাজাৰ বছৰৰ পৰা। ১৬ শতিকাত ইংৰাজ আৰু ফৰাছী বিলাকে ইয়ালৈ আহি ব্যৱসায় বাণিজ্য কৰিবলৈ ধৰে, এই আদিবাসী সকলৰ লগ লাগি। তাৰ পাছত ক্ৰমান্বয়ে ইংৰাজ আৰু ফৰাচী বিলাকে ইয়াতে আধিপত্য স্থাপন কৰে। কালক্ৰমে দুয়ো পক্ষৰ মাজত চাৰিবাৰকৈ যুদ্ধ লাগে। যুদ্ধত ইংৰাজ বিজয়ীহৈ কানাডাৰ কুইবেক (Quebee) নগৰ দখলত লয় আৰু তাৰপাছত মণ্ট্ৰীল (Mantreal) লয়, যুদ্ধৰ পিছত বহুত ইংৰাজ ফৰাছী মানুহ বিয়া কৰাই তাতে স্থায়ী বসতি কৰিবলৈ লয়, সেয়েহে আজিও এই দুই (Montreal & Quebee) ঠাইৰ প্ৰথম ভাষা ফৰাছী আৰু দ্বিতীয় ভাষা ইংৰাজি। আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ পাছত ১৯ শতিকাত দলে দলে ইংৰাজবিলাক ঘাইকৈ ইংলেণ্ডৰ আয়াৰলেণ্ডৰ আৰু স্কটলেণ্ডৰ পৰা আহি, কানাডাত বসতি কৰিবলৈ লয়। ১৮ শতিকাৰ শেষত হনলুলুত প্লেগ বেমাৰ হোৱা কাৰণে জাপানী বিলাক হাজাৰে হাজাৰে আহি কানাডাত বসতি কৰেহি। দুই বিশ্ব যুদ্ধৰ পিছত হাঙ্গেৰী, ইউগাণ্ডা, চিলি, ভিয়েটনাম, চমালিয়াৰ, পোলেণ্ড আৰু য়োগোশ্লেভিয়াৰ পৰা মানুহ কানাডালৈ গুছি আহে। তাৰ লগে লগে শ্ৰীলঙ্কা, বাংলাদেশ, পাকিস্থান আৰু ভাৰতৰ পৰাও আৰু লগতে চীন দেশৰ পৰা বহুত মানুহ কানাডালৈ আহিছে। বৰ্ত্তমান আটাইতকৈ বেছি সংখ্যক এচিয়াৰ মানুহেই কানাডাত আছে বিভিন্ন প্ৰধান চহৰ বিলাকত।

 আজিৰ কানাডা প্ৰায় ২০০ খন দেশৰ বিভিন্ন জাতী গোষ্ঠী আৰু বিভিন্ন সংস্কৃতিক গোষ্টীৰ আপ্ৰবাসীৰ পমুৱাৰ সমাবেশ। আজিৰ আপ্ৰবাসীয়ে কানাডাত বসবাস কৰা যোগ্যতা আৰু এটা পৰীক্ষাত পাছ কৰি কানাডাৰ এজন যোগ্য ক্ষমতাপূৰ্ণ আৰু দায়িত্বশীল নাগৰিক হিচাবে থাকিব পাৰে। প্ৰত্যেক সাবালক প্ৰাপ্তবয়স্ক নাগৰিকৰ ভোটৰ অধিকাৰ আছে। শাসনভাৰ তিনিটা স্তৰত ভাগ কৰা (১) ফেডাৰেল- জাতীয় মুদ্ৰা, দেশৰক্ষা,আপ্ৰবাসী আৰু (২) Provincial প্ৰদেশ বা ৰাজ্যিক স্তৰ শিক্ষা, স্বাস্থ্য, যানবাহনৰ বাবে অনুমতি দিয়া আদিৰ কাৰণে দায়শীল (৩) Municipalty মিউনিচিপালিটি - নগৰ আঁচনি, বাটপথ নিৰ্মাণ আৰু আবৰ্জনা দূৰিকৰণৰ বাবে দায়শীল।

 কানাডাৰ ভাষা দুটা ইংৰাজী আৰু ফৰাছী। মণ্টীল (Montreal) নগৰ খন আটাইতকৈ ঘন বসতিৰ ঠাই আৰু ইয়াৰ ভাষা ফৰাছী। পৃথিবীৰ ভিতৰত পেৰিছৰ পিছতে, মণ্ট্ৰীল সৰ্ববৃহৎ ফৰাছী ভাষা কোৱা নগৰ হিচাবে পৰিগণিত। কানাডা সৰ্ববৃহৎ নগৰ টোৰোণ্ট, মন্ট্ৰীল আৰু ভেনকভাৰ। কানাডা-আমেৰিকাৰ সীমাৰ পৰা প্ৰায় ২ ঘণ্টা বাট ও গাড়ীৰে যাব পাৰি। কানাডাৰ চাৰিটা ঋতু গৰমৰ দিন জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে। অক্টোবৰ মাহৰ প্ৰথম ভাগলৈ কানাডাৰ মানুহে সুন্দৰ গৰমৰ দিন প্ৰাকৃতিক

(৬০)