এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

(Mondarin)ৰেস্তোৰালৈ খাবলৈ গ’লো। এই ৰেস্তোৰাঁখন তাত বৰ বিখ্যাত আৰু খোৱা বস্তু উভৈনদী। ইয়াত খাই থাকোতে মাদ্ৰাজৰ (চেন্নাই) এপলো হস্পিটেলৰ ওচৰত থকা সিন্দুৰী হোটেল খনলৈ বৰকৈ মনত পৰিল। হৰেক ৰকমৰ খোৱা বস্তু কিমান খাবা৷ মানুহে বিধে বিধে বস্তু লৈ খায়েই আছে। ময়ো একেবাৰে পেটভৰাই খালো। কাৰণ পুৱা লঘোনে মন্দিৰলৈ গৈছিলো। বৰ ভাল লাগিল। মৃদুল আৰু তুলতুললৈ ধন্যবাদ সহকাৰে মোৰ কৃতজ্ঞতা জানালো।

 তেতিয়া ছেপ্টেম্বৰ মাহ চলি আছিল। মাইনাৰ ৰুমমেট গৰাকীৰ ককায়েক উৎপল দাস (ৰাজা) আৰু তেওঁৰ অৰ্ধাংগিনী প্ৰণিতা ডেট্ৰ’ইতৰ পৰা টৰণ্টোলৈ আহি মাইনাহঁতৰ লগতে কেইদিনমান আছিল৷ ৰাজাই আমাক শ্বপিং, আফ্ৰিকান ছাফাৰী, চিৰিয়াখানা দেখুৱালে। তাত বাঘ, সিংহ আদি জীৱ জন্তুবোৰ মুকলিকৈ ৰখা থাকে। সেইবোৰ চাই ভাল লাগিল। সেইবাৰ শ্ৰী শ্ৰী দুৰ্গা পূজাত আমি তাৰে শ্ৰীকালীবাৰী মন্দিৰত পূজা চলে। তাতে ভোগ, খিছিৰি খায় বৰ ভাল লাগিল। ওচৰতে থকা গুজৰাটী মন্দিৰলৈ গৈও পূজা চালো। দিনটো বৰ ভালকৈ কটালো। পূজাত ভাৰতীয় মহিলা সকলে খিছিৰী, লাব্ৰা, পায়স আদি ৰান্ধিছিল। কি যে সোৱাদ হৈছিল।

 শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ দিনা মাইনাৰ মাইক্ৰছফ্‌ট পৰীক্ষা আৰম্ভ। পৰীক্ষাৰ শেষত লগে লগে ৰিজাল্ট দিলে। মইনাই ৯৭ শতাংশ, অৰ্থাৎ ৪০০ নম্বৰৰ ভিতৰত ৩৮৮ নম্বৰ পাইছে। এদিন আমাৰ ঘৰলৈ বাফেলোৰ (Buffalo) মীনা আৰু তেওঁৰ স্বামী (গিৰিয়েক) শ্বিলঙৰ, গকুল শৰ্মা আৰু দীপ্তি দেবী, দানি, মিঃ আৰু মিছেছ সিঙক ভাত খাবলৈ মাতিলো। আটায়ে লগ লাগি একেলগে খালো, ভাল লাগিল।

 তাত মেডিকেল Checkup বিনামূলীয়া। সেয়ে তাত থাকোতে এদিন এজন ফ্ৰেন্স ডাক্তৰ পি. এ. চাৰ্লেবইচে (Dr. P.A.Charlebois) আমাক এক্সৰে, বি.পি, জুখি ছলনাগ্ৰাফী কৰি আৰু পৰীক্ষা-নিৰীক্ষা কৰি কলে যে সকলো ঠিকে আছে।

 হেমিলটনত থাকোঁতে ইয়েচমিনৰ ঘৰত মিঃ আৰু মিছেছ পাৰৱিশ, মিঃ আৰু মিছেছ এডিলক লগ পাই ভাল লাগিল। অহাৰ আগে আগে মিঃ চি এফ পিয়েচ আৰু ঘৈনীয়েকে আমাক ৰৱেল কানাডিয়ান মিলিটাৰী ইনষ্টিটিউট (Royal Canadian Military, Institute) দুপৰীয়া আহাৰ খুৱালে। এশ বছৰীয়া এই প্ৰতিষ্ঠানটো একেবাৰে সুৰক্ষিত। কানাডালৈ আহিলে প্ৰিন্স চাৰ্লচ, ডিউক অৱ এডিনবোৰো, অৰ্থাৎ ইংলেণ্ডৰ ৰাজকীয় পৰিয়ালৰ (অতিথিশালা) মানুহ এই ঘৰটোত থাকে। সেইফালৰ পৰা আমাক তেনে এটি ঘৰত অতিথি হিচাপে আপ্যায়ন কৰাটো আমাৰ বাবে বৰ ভাগ্যৰ কথা।

 মই উভতি অহাৰ আগ দিনা বুলবুলিৰ ঘৰত শ্ৰীশ্ৰী সত্য নাৰায়ণ পূজা চাই তাতে চাহ-ভাত খাই ৰাতি ১২-৩০ বজাত ঘৰলৈ আহোঁ।

(৫৮)