এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'ত যে কথা

হ’ল। লণ্ডৰ সময়মতে দিনৰ দুপৰীয়া ২-৩০ (আমাৰ ভাৰতৰ সময়মতে নিশা ৯) বজাত টৰণ্টোলৈ উৰা মাৰিলো। প্ৰায় ৮ ঘণ্টাৰ উৰণ। তাৰ সময়মতে আবেলি ৫-৩০ বজাত টৰণ্টো পালাগে। (আমাৰ ভাৰতৰ সময়মতে পুৱা ৪ বজা)। মোক আগবঢ়াই নিবলৈ মাইনা আহিছিল। পিয়াৰচন এয়াৰপৰ্টত (Pearson Airport) মাইনাই নিজৰ একুৰা এ চি বি জে ৯১০ গাড়ীখন লৈ মোক নিবলৈ ৰৈ আছিল। তাত গাড়ীবিলাক প্ৰোপেন গেছত চলে। মাইনাৰ ঘৰ আহি পালো Midland avenue, 746 seva Court, Apartment - 340 MIK 4E2 sear borough Toronto, ONTARIO, Canada ঘৰটো ভাল লগিল। ধুনীয়াকৈ সজোৱা ছিটিং ৰুম। পাগ ঘৰটো অত্যাধুনিক সা-সুবিধাযুক্ত, একোনত খোৱা টেবুলখন আৰু দুটা শোৱা কোঠা বৰ ডাঙৰ আৰু বিছনা বৰ ভালকৈ পৰিপাৰ্টিকৈ সজাই থোৱা আছে। মনটো ভাল লাগি গ’ল। এনেয়ে মাইনাক লগ পোৱাৰ আনন্দ, তাতে আকৌ সকলো সুবিধা কৰি লোৱা ফ্লেটটো পাই আৰু ভাল লাগিল। মাইনাৰ ঘৰ পায়েই প্ৰথমে মই গুৱাহাটীলৈ ফোন কৰি কানাডা আহি পোৱাৰ কথা জনাই দিলো। দ্বিতীয়দিনা ই মেইলযোগে সবিশেষ জনাই ঘৰলৈ লিখিলো। মোৰ প্ৰথম কাম হ’ল পুৱা আৰু গধুলি খোজ কাঢ়িবলৈ যোৱা আৰু নতুন বাট পথ চিনাকি হোৱা। মাইনাই মোক বজাৰ সমাৰ, দোকান পোহাৰবোৰলৈ লৈ গৈ সকলো দেখুৱালে। টৰণ্টোত বহুত অসমীয়া মানুহ আছে। মাইনাৰ সকলোৰে লগত চিনাকি আৰু ভাল সম্বন্ধ আছে। দিন যোৱাৰ লগে লগে সেই ঠাইৰ বহুত কথা জানিবলৈ ল’লো। দোকান পোহাবলৈ অকলে যাবপৰা হ’লো। শনিবাৰ আৰু দেওবাৰে তাত থকা প্ৰায় অসমীয়া মানুহৰ ঘৰলৈ ভাত খাবলৈ মাতে। তাৰ ভিতৰত ব্ৰমচনৰ শ্ৰী দ্বিপেন্দ্ৰ গোস্বামী, অনিমা গোস্বামী আৰু তেওঁলোকৰ ল’ৰা ছোৱালী মানস, মনমী আৰু মণ্টু গোস্বামীৰ সৈতে মাইনাৰ বৰ ভাল সম্বন্ধ আৰু তেওঁলোকেও মাইনাক বৰ মৰম কৰে। সেয়েহে মোৰ লগতো অতি সোনকালে তেওঁলোকৰ সম্বন্ধ ঘৰুৱা হব ধৰিলে। কম সময়ৰ ভিতৰতে। তাত থকা আন আন অসমীয়া পৰিয়ালৰ ভিতৰত আছিল - শ্ৰীমৃদুল বৰুৱা, চন্দনা (তুলতুল), লৰা-ছোৱালী ৰোষ্টম, মমী। শ্ৰীজিৎ দাস-পত্নী চন্দনা আৰু ল’ৰা ভীৰ আৰু বেদ। শ্ৰীনৃত্যেন বৰুৱা, অৰুন্ধতী বৰুৱা, (তুলতুল) আৰু ছোৱালী দুজনী ৰেখা আৰু ৰীতা। শ্ৰীগকুল শৰ্মা - দীপালি, ল’ৰা অনিৰিক আৰু ছোৱালী দেৱী আৰু দানী, শ্ৰীনিৰঞ্জন, মৌচুমী ব্ৰহ্ম, ছোৱালী মধুস্মিতা, মাৰচেলী আৰু এটি নতুন কেঁচুৱা। দুয়োজনী চন্দনা আমাৰ আগৰে বহুদিনৰ চিনাকি। অনিমা (ভট্ট) চক্ৰৱতী, য়ামিন পাৰ্চী মহিলা শ্বিলঙৰ, জীৱেশ্বৰ তালুকদাৰ আদিক লগ পায় ভাল লাগিল। একেলগে ভাত খোৱা নিমন্ত্ৰণ, শ্ৰীশ্ৰীসত্যনাৰায়ণ পূজালৈ নিমন্ত্ৰণ - এই সকলোবোৰত সক্ৰিয়ভাবে সহযোগ কৰিবলৈ ভাল লাগিছিল। প্ৰতিমা আৰু মহেশ কাঠহাজৰিকাৰ ঘৰতো ভাত খাবলৈ মাতিছিল। দ্বিপেন আৰু অনিমাই অটোৱাৰ শ্ৰীযুতা ললিতা বৰা আৰু মণ্ট্ৰিলৰ

(৫২)