এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

এডুকেচনৰ শ্ৰী অজয় মেহতা আহিছিল। তেখেতক মৰিগাঁও, ছয়গাঁও, ৰাণী আদি দেখুৱালো। এদিন শ্বিলঙলৈকো লৈ গ’লো। বৰ ভাল মানুহজন। মোৰ প্ৰাপ্তবয়স্ক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা বিভাগত কাম কৰি বৰ ভাল লাগিছিল। কাৰণ মই ক্ষেত্ৰবিলাক পৰিদৰ্শন কৰি পৰামৰ্শ দি অভাৱ অভিযোগ, সমস্যাবিলাক আলোচনা কৰি সমাধান দিবলৈ চেষ্টা কৰিছিলো। মোৰ দিনতে A E আৰু NFC সজাগ হৈ উঠিছিল। সকলোৱে উৎসাহ উদ্দীপনাৰে কাম কৰিছিল। বদনামো ওলাইছিল বাতৰি কাকতত। পিছতহে সেইবোৰ কথা বিতংভাবে জানিব পাৰিছিলো। মোৰে এজন তলতীয়া নিম্ন বিষয়াই মোৰ কাৰ্যকালত একো সুবিধা কৰিবলৈ নাপায় জধে-মধে মোৰ বিপক্ষে কাগজে পত্ৰে বদনাম লিখাইছিল। সৰু মানুহ বুলিয়ে মই তেওঁক একো নকলো আৰু শাস্তিও নিদিলো। কাৰণ এই মানুহবিলাক বৰ আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ। নিজৰ স্বাৰ্থত বাধা হ’লেই তেওঁলোকে এনে ঠেক মনোবৃত্তিৰ আশ্ৰয় লয়।

 ২০-২-৯৩ তাৰিখে ডাইৰেক্টৰ, ছেকেণ্ডাৰী এডুকেচন হিচাপে নিযুক্তি পোৱাৰ আগতে মই এডিচনেল ডাইৰেক্টৰ, এলিমেণ্টৰী এডুকেচনত কিছুদিন আছিলো। এলিমেণ্টৰী ডাইৰেক্টৰেটত, মই প্ৰতিদিনৰ ডাক চোৱা, মানুহক সাক্ষাৎ কৰা, অফিচ প্ৰশাসন আদি চম্ভালা আদিৰ ভাৰ লৈ সঞ্চালকক মিটিং আদি কৰিবলৈ মুকলি কৰি দিছিলো। কিছুদিন পাছতে ছেকেণ্ডাৰী এডুকেচনৰ ডাইৰেক্টৰে অৱসৰ পালে। নিয়ম মতে মই ইয়াৰ সঞ্চালকৰ পদটো পাব লাগে কিন্তু চৰকাৰে এলিমেণ্টৰীৰ ডাইৰেক্টৰকে এই বিভাগৰো সঞ্চালক হিচাপে ৰাখি থ’লে। মই মনত বেয়া পালেও আকৌ ভাবিলো, মোৰ কিজানি সঞ্চালক হবলৈ এতিয়াও সময় হোৱা নাই। সকলো ভগৱানৰ ওপৰতে এৰি দিলো।

 ২-২-৯৩ তাৰিখে অৱশেষত চৰকাৰে মোক ছেকেণ্ডাৰী এডুকেচনৰ সঞ্চালক হিচাপে নিযুক্তি দিলে। নিযুক্তি পত্ৰ পায়, ৫ তাৰিখে মই কামত যোগ দিয়াৰ বাবে ভাৰপ্ৰাপ্ত সঞ্চালকৰ লগত কথা পাতিলো। কি আচৰিত, ভাবপ্ৰাপ্ত সঞ্চালকে মোক জনালে যে তেখেতে মোক সোনকালে কাৰ্যভাৰ দিব নোৱাৰে। ময়ো অলপ মনত বেয়া পাই ক’লো যে দুটা বিভাগৰ দায়িত্বত আছে এটা মোক কিয় দিব নোৱাৰে, মই চৰকাৰৰ নিৰ্দেশক্ৰমেহ কামত যোগ দিবলৈ আহিছো। সেইদিনাই তেতিয়াৰ শিক্ষা আয়ুক্তই মোক ফোনত কলে যে মই ভাৰপ্ৰাপ্ত সঞ্চালকৰ লগত কাজিয়া কৰিব নালাগে আৰু তেওঁৰ ইচ্ছামতে যেতিয়াই চাৰ্জ দিয়ে তেতিয়াহে মই লব লাগে। মই অবাক হৈ ঘৰলৈ গুচি আহিলো। এইবিলাক কি চলিছে প্ৰশাসনত। চৰকাৰী আদেশ চিঠিত এটা আৰু ফোনত এটা। মনটো খেলিমেলি হৈ গ’ল।

 তাৰ পাছত ভাৰপ্ৰাপ্ত সঞ্চালকে বোধকৰো ফেব্ৰুৱাৰী মাহৰ ছেকেণ্ডাৰী ডাইৰেক্টৰেটৰ কাৰণে বছৰটোৰ বস্তু বেচা-কিনাৰ কাম সোনকালে শেষ কৰি ২০-২-৯৩ তাৰিখে মোক অৱশেষত চাৰ্জ দিলে৷ ৰক্ষা-ভগৱানক চিন্তি চকিত বাহিলো। দীঘলকৈ এটা স্তস্তিৰ নিশ্বাস

(৪৯)