এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

যে ভাবি মই নিজেই আচৰিত। মোৰ পাছত আৰু এজনক কবলৈ ক’লে। তেওঁ Papua New Guiney ৰ। তেওঁ উঠি ক’লে যে “মই ক’বলৈ একো নাই। Mrs Barooah ই কব লগা আটাইখিনি কথা ইতিমধ্যে ক’লেই। সভাৰ শেষত সকলোৱে মোক অভিনন্দন জনাইছিল - মোৰ হেনো ভাষণ বৰ ভাল হৈছিল, আৱেগপূৰ্ণ হৈছিল। সেইদিনা আবেলি আমি Innotech ৰ হোষ্টেলৰ ডৰমিটেৰীত এৰাতিৰ কাৰণে থাকিবলৈ আহিলো। ১১ ছেপ্টেম্বৰৰ আবেলি ৩-১৫ বজাত মেনিলা এৰি বেংককলৈ উৰা মাৰিলো থাই উৰাজাহাজেৰে। বেংকক পালো ৫ বজাত। এয়াৰ ফ্ৰান্সত বেংককৰ পৰা দিল্লী পালোহি ৬-১৫ বজাত। উৰাজাহাজত কাম কৰা বেছিভাগেই ষোড়শী (teen ager) যেন লাগিল। প্ৰতিগৰাকীয়ে অতি ভদ্ৰ, বিনয়ী ব্যৱহাৰৰ আৰু সহায়কাৰী মানসিকতাৰ। মই এনে এগৰাকী ষোড়শীৰ ওচৰলৈ গৈ সুধিলো মোৰ মাল বস্তু বিলাক ফ্ৰান্স উৰাজাহাজত উঠোৱা হ’লনে? তেওঁ তৎক্ষনাত কমপিউটাৰত মোৰ টিকটৰ নম্বৰটো লৈ কলে, হয় মালবস্তু উঠোৱা হৈ গৈছে। তাৰ পাছত এৰোড্ৰেমৰ দোকানখনৰ পৰা (এক্সাইজ ফ্ৰি) কিবা কিবি বস্তু কিনাৰ বাবে অনুমতি ল’লো। মোক এখন ট্ৰেনজিত পাছ দি সময়মতে ঘূৰি আহিবলৈ ক’লে। সেইমতে মই এক্সাইজ ফ্ৰি দোকানখনলৈ গৈ ফ্ৰেন্স পাৰফিউম আদি বস্তু কিনিলো। বস্তুবোৰৰ দাম বহুত বেছি।

 দহ তাৰিখে তাবে আইদা (Aida) ৰ লগত দিনাৰ খাবলৈ গ’লো। মেনিলাত থাকোঁতে আমাৰ দেশৰ দিল্লীৰ প্লেনিং অফিচাৰ জনে মোক একো সহায় কৰা নাছিল, বৰঞ্চ মিঃ ৰুকাডিয়া বোলা ভাৰতীয় প্ৰতিনিধি, ইউনেস্ক, কাঠমাণ্ডুত থকা এজনে মোক বৰ সহায় কৰিছিল। মিঃ ৰুকাডিয়া অভিজ্ঞ মানুহ, বৰ ভাল লাগিল। আমি ৰাতি ৯-৩০ বজাত দিল্লী আহি পালোহি। মই পোনে পোনে আছাম ভৱনলৈ গৈ তাতে থাকিলো। তাৰ পাছত এয়াৰ ফ্ৰেন্স অফিছলৈ গৈ ৰিপ’ট কৰি শাস্ত্ৰী ভৱনত ৰিপোট কৰিলো। শ্ৰীঅনিল বোৰ্ডিয়াক লগ পাই বহুত ধন্যবাদ দিলো। ১৩ তাৰিখে পুৱা ৬-১৫ বজাত দিল্লী এৰি ১-৩০ বজাত গুৱাহাটী বৰঝাৰ বিমান কোঠত নামিলোহি। বিমান কোঠত মোক নিবলৈ অহা ঘৰৰ আপোন মানুহখিনিক লগ পাই মনটো বৰ ভাল লাগিল। ১৪ ছেপ্টেম্বৰৰ পৰা আকৌ নিয়মীয়াকৈ অফিচ কৰিবলৈ ল’লো। মই এডাল্ট এডুকেচন আৰু নন ফৰমেল এডুকেচনৰ সঞ্চালক হৈ থাকোঁতে দূৰদৰ্শন আৰু ৰেডিঅ’ত সময়ে সময়ে আলোচনা, প্ৰবন্ধ পাঠ আদি কৰিছিলো। তেনে প্ৰচাৰ কাৰ্য আগতে কেতিয়াও হোৱা নাছিল এই শিক্ষা বিষয়ত। সেই সময়ত দৰকাৰী মিটিং বিলাকলৈ, আনকি নেচনেল লিটাৰেচী মিছন অথৰিটীৰ মিটিঙলৈ (executive comty meeting) ডাইৰেক্টৰ জেনেৰেল শ্ৰীমিশ্ৰই মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছিল। বৰ ভাল লাগিছিল এই মিটিংবিলাকলৈ গৈ। আমাৰ ইয়াৰ নন ফৰমেল এডুকেচন কেন্দ্ৰবোৰ চোৱাৰ বাবে দিল্লীৰ পৰা ডেপুটী চেক্ৰেটাৰী অৱ নন ফৰমেল

(৪৮)