এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

পৰাও জইন ডাইৰেক্টৰ মিঃ মেহৰা, আই এ এছ; ডাইৰেক্টৰ জেনেৰেল মিঃ এল. মিশ্ৰ. আই এ এছ আদি কেবাজনো বিষয়া আৰু প্ৰশিক্ষণ পাতি, NCERT ৰ বিষয়াসকলৰ আদান প্ৰদান হৈছিল। কামত ব্যস্ত থাকি মোৰ বৰ ভাল লাগিছিল। দিল্লীৰ পৰা কেবাবাৰো প্ৰশংসাও পাইছিলো। প্ৰাপ্তবয়স্ক আৰু অনানুষ্ঠানিক শিক্ষা ৫০০ বছৰৰ আগতে মহাপুৰুষ শ্ৰীশ্ৰীশংকৰ দেৱে আৰু তেওঁৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱে অসমত প্ৰচাৰ কৰিছিল। এই বিষয়ে দিল্লীৰ পৰা অহা ডাইৰেক্টৰ জেনেৰেল মিঃ মিশ্ৰক কোৱাত তেখেতে শুনি বৰ ৰস পাইছিল আৰু মহাপুৰু দুজনাৰ বিষয়ে জানিবলৈ কিতাপ বিচাৰিলে। বহু বিচাৰি আৰু কিনিও কেইখনমান কিতাপ গোটাই তেখেতক দিছিলোঁ। তেতিয়া কিছুমান স্বেচ্ছাসেৱী কেন্দ্ৰই (NGO) প্ৰাপ্তবয়স্ক আৰু অনুষ্ঠানিক শিক্ষা কেন্দ্ৰ খুলি চৰকাৰক সহায় কৰিছিল। তাৰ বিনিময়ত এন জি অ’বোৰক কেন্দ্ৰীয় চৰকাৰে বহুত পৰিমাণৰ ধন দিছিল এই কেন্দ্ৰবোৰ চলাবলৈ, শিক্ষাৰ সঁজুলি আৰু শিক্ষকৰ দৰমহা দিবলৈ। কিন্তু এই ব্যৱস্থাত বহুত কেৰোণ আছিল আৰু টকাৰ অপব্যৱহাৰ হৈছিল। কিছুসংখ্যক এন জি অ’ৰ এনে দুৰ্নীতিৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক জনোৱাত, সংশ্লিষ্ট এন জি অ’বোৰ উঠাই দিছিল। এনেদৰে সুখ্যাতিৰে কাম কৰি ভাৰত চৰকাৰৰ পৰা প্ৰশংসা পোৱাৰ পিছত হঠাতে এদিন মোক তাৰ পৰা বদলি কৰি এলিমেণ্টৰী এডুকেছনৰ এডিছনেল ডাইৰেক্টৰ কৰি দিলে। পিছতহে জানিব পাৰিলো যে এই কেন্দ্ৰবিলাকৰ লগত আৰ্থিক দিশত কিছু ৰাজনৈতিক নেতাৰ সম্বন্ধ আছিল৷ বিশেষকৈ দিল্লীৰ এজন MP আৰু অসমৰ এম এল এৰ সম্বন্ধৰ কথা এই এন জি আ’ৰ লগত জড়িত আছিল। মই থকা কাৰণে তেওঁলোকে আৰ্থিক লেনদেনত বিশেষ সুবিধা কৰিব নোৱাৰা কাৰণে মোক তাৰ পৰা আঁতৰালে। মইও কোনো আপত্তি নকৰাকৈ তাৰ পৰা গুচি আহিলো। মই ১৭ মেত এডাল্ট এণ্ড এন এফ এডুকেচনৰ ডাইৰেক্টৰ হৈছোহে এনেতে জুন-জুলাই মাহত গুৱাহাটীত এখন কৰ্মশালা পতা হ’ল। তাত অসমৰ সকলো জিলা বিষয়া, এন জি অ’ আৰু কিছুসংখ্যক শিক্ষাবিদক মতা হ’ল। এই কৰ্মশালালৈ ভাৰত চৰকাৰৰ শিক্ষা সচিব শ্ৰী অনিল বোৰ্ডিয়া আৰু লগত শ্ৰীমতী অনিতা কৌল, (ডাইৰেক্টৰ অব এডুকেচন, দিল্লী) আহিছিল। কৰ্মশালাখন দুদিনীয়া আছিল। কৰ্মশালাৰ কাৰণে সকলো প্ৰস্তুতি কৰি তেতিয়াৰ শিক্ষা আযুক্ত শ্ৰীঅশোক শইকীয়াই এয়াৰ পোৰ্টৰ পৰা মোক ভাৰত চৰকাৰৰ শিক্ষা সচিব আৰু আন আন বিষয়াসকলক আদৰি আনিবলৈ পঠিয়াইছিল। এয়াৰ পোৰ্টৰ পৰা অহা বাটত শ্ৰীবোৰ্ডিয়াই মোক নানান প্ৰশ্ন সুধি আহিছিল। ময়ো যথাযথ উত্তৰ দি দি আহি আৱৰ্তভৱন (Circuit House) পালোহি। তাত সকলো ব্যৱস্থা কৰা আছিল। তেওঁলোকক তাত থৈ মই গধূলি আমাৰ শিক্ষা আয়ুক্তক সকলো কথা বিবৰি ক’লো। পিছদিনা আকৌ আবৰ্ত ভৱনলৈ গৈ শ্ৰী অনিল বোৰ্ডিয়া আৰু শ্ৰীমতী অনিতা কৌলক আমাৰ কৰ্মশালালৈ লৈ গ’লো। কৰ্মশালা আৰম্ভ হ’ল। বহুত এন

(৪৪)