এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

উপহাৰ দিলে। প্ৰাইমাৰী স্কুলখন চালো। তাত ২০ গৰাকী শিক্ষক-শিক্ষায়িত্ৰী আৰু ৪২৬ জন ছাত্ৰ-ছাত্ৰী। তাৰ পাছত তাৰে জিলা শিক্ষা বিষয়াৰ লগত (খাৰুলান জিলা) Wendillama স্কুলত প্ৰাইমাৰী স্কুলৰ স্প’ৰ্টছ চালো। গধূলি Dr. Keshaba (Psychiatrijst) ৰ পৰিয়ালত মোৰ কাৰণে সান্ধ্য ভোজৰ ব্যৱস্থা কৰিলে। তাত ঘৈনীয়েক সীতা, ল’ৰা দুজন অনিল আৰু অজয়ৰ লগত হাঁহি তামাচাৰে খাই বৈ হোটেললৈ গুচি আহিলো৷

 ৩০ অক্টোবৰ, দেওবাৰে আমি ডেভিদ বণ্ড (সমাজ-কৰ্মী) আৰু তেওঁৰ পৰিয়ালৰ লগত প’নী ক্লাবত বনভোজ (Bush Picnic) খালো। বৰ ভাল লাগিল। মিছেছ বণ্ড এগৰাকী শিক্ষয়িত্ৰী, তিনিটা ল'ৰা ছোৱালীৰে এটি ডাঙৰ ফাৰ্ম হাউছত থাকে। মিছেছ বণ্ডৰ পুৱাৰ পৰা আৰম্ভ কৰা কৰ্মসূচী দেখি তবধ মানিলো। মাইকী মানুহে যে এদিনত ইমান কাম কৰিব পাৰে, নেদেখিলে তাক বিশ্বাস কৰিবলৈ টান লাগে। তেওঁ সিদিনা ৰন্ধা বঢ়া বহুত কৰিছিল। সঁচাকৈ বৰ ভাল হৈছিল। আমি পেট ভৰাই খাইছিলো তাত। গধূলি ফ্ৰেন্সিছৰ লগত ব্যাপিষ্ট গীৰ্জালৈ গৈ ৭ বজাৰ পৰা ৮ বজালৈ তাতেই কটালো। ৰাতি বৰষুণ দিছিল। পিছদিনাও বৰষুণতে গুলবাৰ্ণ ছাউথ প্ৰাইমাৰী স্কুল আৰু নেইল আৰু স্কটৰ মালবেৰী স্কুল চালো। ইয়াত আন্তৰ্জাতিক ভাষা শিকায়। পিছত ব’ৰ্ক ষ্ট্ৰিটৰ প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী স্কুল চালো। ইয়াত মাক দেউতাক সকলেও স্কুল সংক্ৰান্তত সহায় সহযোগ কৰে। তাত আমি দুপৰীয়াৰ সাজ খালো। সন্ধিয়া ৬ বজাত তাৰে মালৱেৰী ৰোটাৰী ক্লাবলৈ গ’লো। তাত এক্টৰ মোটেলত ৰোটাৰী ক্লাব সভ্যসকলৰ লগত আলোচনা কৰি থাকোতে মোক ভাৰতৰ বিষয়ে ক’বলৈ কোৱাত মোটামুটিভাৰে ভাৰতৰ বিষয়ে এটি চমু ভাষণ দিলো। ৰাতি ডিনাৰৰ পিছত ৰোটাৰীক্লাৱে আমাৰ দুগৰাকীক এটা এটা পাৰ্কাৰ পেন উপহাৰ দিলে আৰু তাৰ পিছদিনা আমি Yass High School, Yass public, Berinba Primary School, Andalini special school for handicapped children bowning ৰ স্কুল চাই সৈনিক ক্লাবত দুপৰীয়াৰ আহাৰ খালো। সেইদিনাই তাৰ স্থানীয় বাতৰিকাকতত আমাৰ ফটো ওলাইছিল। এদিন মিঃ ডেভিদ বণ্ড আৰু স্কুলবোৰৰ জিলা পৰিদৰ্শক (District Inspector of Schools) ৰ লগত গুলবাৰ্ণ হাইস্কুল, এডুকেচন ক্লিনিক আৰু ক্ৰিচেষ্ট স্পেচিয়েল স্কুল পৰিদৰ্শন কৰিলো। আবেলি তাৰ প্ৰেছৰ মানুহ আহি আমাৰ লগত শিক্ষা আৰু আন আন বিষয়ত আলোচনা কৰিলে। ৰাতি (ফ্ৰেন্স) ফৰাচী ডিনাৰ খালো। বৰ ভাল লাগিল। আকৌ এদিন তাৰে (Regional council meeting) আৰু resource & consultancy support at woolongong লৈ গ'লো। ৰাতিৰ সাজ মিঃ ডেভিদ বশুৰ পৰিয়ালৰ লগত খালো। ৪ নবেম্বৰৰ দিনা পুৱা গুলবাৰ্ণ ইষ্ট স্কুলখন চাই দুপৰীয়া আমি ছিদনীলৈ উভতি আহিলো।

(৩৩)