এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

 উভতি আহোঁতে হোলেণ্ডত এগৰাকী অতি ধুনীয়া ছোৱালী আমাৰ বাছখনৰ গাইড হ'ল। তেওঁৰ ৰূপ সৌন্দৰ্য মুগ্ধ হৈ আমি সকলোৱে তেওঁকে চাই গ'লো। পিছত জানিব পাৰিলো তেওঁ এগৰাকী মডেল। আজৰি পৰত তেৱো ডাক্তৰ জনৰ দৰে ৰাইজৰ কাম, কৰি দেশ চাই ফুৰে। এই দেশত শ্ৰমৰ মৰ্যাদা (Dignity of Labour) আছে। সকলোৱে বুজে। ইয়াৰ মানুহবোৰক দেখিলে এনে লাগে যেন তেওঁলোকৰ জীৱনলৈ কেতিয়াও দুখ বোলা বস্তু অহাই নাই। সুখী যেন লাগে দেখিলে।

 লিডছলৈ মই পঢ়িবলৈ যোৱা বিষয়টো আছিল প্ৰাক্‌ প্ৰাথমিক শিক্ষা। আমাৰ দেশত শিক্ষা প্ৰথা মতে, ৬ বছৰৰ পিছতহে শিশুক আনুষ্ঠানিক শিক্ষা দিয়া হয়। তাৰ আগৰ সময়খিনি ২১/২বছৰৰ পৰা ৫১/২/৬ বছৰলৈ শিশুক প্ৰাক্ প্ৰাথমিক শিক্ষা দিয়া হয়। তাতে এই প্ৰাক্‌-প্ৰাথমিক শিক্ষাৰ ওপৰত জোৰ দিয়া হয়। কিনডাৰগাৰটেন (Kindergarten), নাৰ্ছাৰী আদি স্কুলবিলাক ঠায়ে ঠায়ে খুলি এই সৰু শিশুবিলাকক শিক্ষা দিয়া হয়। প্ৰায়বোৰ এনে স্কুল পৰিদৰ্শন কৰি আমি তাৰ শিক্ষা পদ্ধতি সম্পৰ্কে আলোচনা কৰিছিলো।

 এই প্ৰাক্‌-প্ৰাথমিক শিক্ষানো কিয় লাগে এই বিষয়ে ছাৰ জৰ্জ নিউমেনে তেওঁৰ বাৰ্ষিক প্ৰতিবেদনত লিখিছিল Why Nursery School?

 ১। পাঁচ বছৰ বয়সৰ বা অৰ তলৰ শিশুসকল আমাৰ আনুষ্ঠানিক শিক্ষাৰ দুৱাৰডলিত থাকে।
 ২। এই শিশুবিলাক শাৰীৰিক, মানসিক বিকাশমুখীস্তৰত গছৰ গুটিৰ দৰে অৱস্থাত থাকে।
 ৩। এই পাঁচ বছৰ বয়সৰ আগখিনিত শিশুৰ জীৱনত ভাল বেয়া যি যি ঘটনা ঘটে তাৰ পৰিণাম পিছৰ অৱস্থাত, অৰ্থাৎ ডাঙৰ হৈ ভোগ কৰে।

 এটি শিশু বাঢ়ি থকা অৱস্থাত, স্কুলখনত শাৰীৰিক উন্নতিৰ কাৰণে ব্যৱস্থা লাগে ঠাই, পোহৰ, গৰম ঠাণ্ডাৰ ব্যৱস্থা মুকলি বতাহ অহা যোৱা কৰা, এখন ধুনীয়া ফুলনি আৰু খেলা ধূলা কৰিবলৈ এখন মুকলি ঠাই। ঘৰতো শিশু এটি মানসিক মেধা আৰু আৱেগিক বিকাশৰ কাৰণে সুস্থ ব্যৱস্থা, ভাল পৰিৱেশৰ (Environment) সৃষ্টি কৰাটো মাক- দেউতাকৰ দায়িত্ব আৰু কৰ্ত্তব্য। অন্যথা তেওঁলোক জগৰীয়া। ছবছৰ নৌহওঁতেই এটি শিশুক সকলো ধৰণৰ প্ৰশিক্ষণ দিব লাগে। সেই কাৰণেই মাক দেউতাক শিক্ষিত হলে মাক দেউতাকৰ মৰম আৰু যত্নৰ লগতে সকলো যাবতীয় মাক-দেউতাকসকলে শিশুৰ সকলো কথা বুজিবলৈ যত্ন কৰে। শিশুক শুদ্ধ আৰু ভাল ভাষাত কথা কবলৈ শিকোৱাটো বৰু ডাঙৰ কথা। এই ভাষাৰেই শিশুৱে ডাঙৰ হৈ আনৰ লগত, বাহিৰৰ জগতখনৰ লগত যোগাযোগ কৰিব লগা হয়।

 ভাৰতীয় শিক্ষা পদ্ধতিত প্ৰাক প্ৰাথমিক শিক্ষাক বেছ গুৰুত্ব দিয়া হৈছে। বাল সেৱিকাৰ প্ৰশিক্ষণ, অংগনবাদী প্ৰশিক্ষণ গাওঁ চহৰ সকলোতে আছে। তথাপি কিন্তু প্ৰাক্‌-প্ৰাথমিক শিক্ষা ব্যৱস্থাটো শিশুৰ সৰ্বাঙ্গীণ উন্নতিৰ কাৰণে এতিয়াও শিক্ষা বিভাগৰ লগত

(২৩)