এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

মোক ৰান্ধি খুৱাবৰ কাৰণে। পিছলৈ মই যিবিলাক বস্তু খাই ভাল পাওঁ তেনে খাদ্য লুইছে বেছিকৈ বনাইছিল। কণী-ময়দা, নিমখ-পিয়াজ দি কেকৰ দৰে, আমাৰ পিঠাৰ দৰে তেলত ভুজা এবিধ খাদ্যও তেওঁলোকে বনাইছিল। খাবলৈ বৰ ভাল লাগে। বাদাম, মিক্স কৰ্ণফ্লেকচ আদি সদায় ঘৰত ৰাখিছিল। টিন ফিছ বহুত খাইছিলো। মই কোনো ধৰণৰ মাংস নাখাওঁ কাৰণে মই ঘৰত থকা দিনত লুইছহঁতে একো মাংস ঘৰত নাৰাখিছিল। ইমান ত্যাগী (Considerate) মানুহ যে ভাবিবই নোৱাৰি। তেওঁলোকৰ সৰু ছোৱালী জেছিকা (Jessica) (চাৰে চাৰি বছৰীয়া)ক মই গা-ধুওৱা, খুওৱা আৰু নিচুকনি গীত “আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ" গাই গাই শুৱাব লগা হৈছিল। জেছিকা যেন এটি বগা মূৰ্তি, দেখিবলৈ বৰ ধুনীয়া। মোক নাম কাঢ়ি মাতি নিচুকনি গীতটো টোপনি নহালৈকে গাই থাকিবলৈ কয়। গৰমৰ দিনত জেছিকা আবেলি ৭ বজাতে শোৱে (তেতিয়া পোহৰ হৈয়ে থাকে)। তাৰ পাছতহে আমি (ৰোজাৰ আৰু লুইছৰ লগত) ৰাতিৰ আহাৰ খাওঁ। আমাৰ ঘাইকৈ আলোচনা হয় শিশু ল'ৰা-ছোৱালীৰ মনোবিজ্ঞান, শিক্ষা-প্ৰণালী ইত্যাদিৰ ওপৰত। তেতিয়া মোৰ মনটো ভাল লাগে আৰু বেছিকৈ জাগি উঠে। কাৰণ মই লণ্ডনৰ পঢ়িবলৈ যোৱা বিষয়টো হ'ল প্ৰাক-প্ৰাথমিক শিক্ষা। তদুপৰি জেছিকাক মই ঘৰতে জীৱন্ত উদাহৰণ হিচাপে পাইছিলো। ৰোজাৰ আৰু লুইছে মোৰ পৰা কিছু কথা সুধি আৰু মইও তেওঁলোকৰ পৰা কিছু কথা জানিব পাৰিছিলো। ইয়াৰ পৰা মোৰ বৰ সহায় হৈছিল, বিশেষকৈ প্ৰতিবেদনখন (report) লিখাত, অৰ্থাৎ প্ৰস্তুত কৰাত। আকৌ মোৰ এনে লাগিছিল যে লিডছত কিং পৰিয়ালৰ লগত থাকি মই যেন একেবাৰে আমাৰ ঘৰৰ আপোন মানুহবোেৰ লগতহে আছিলো। পৃথিৱীত মানুহ সকলো একে আৰু ল'ৰা-ছোৱালীবোৰ যে আৰু একে। সকলো মানুহৰে সহজাত গুণবোৰ (প্ৰবৃত্তি) একেই! তাৰ ভিতৰত ভাল বেয়াৰ তাৰতম্যবোৰ সমাজ, দেশ আৰু আৱহাৱা পৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰে। কথাতে কয় - “আপোন ভালেই জগৎ ভাল” কথাষাৰ পূৰ্ণ শতাংশই সঁচা।

 মই এটা কথা আগতে উল্লেখ কৰিব লাগিছিল আৰ্মি ইউৰোপ ভ্ৰমণ কৰিবলৈ যাওঁতে যিখন বাছত গৈছিলো সেই বাছখনৰ গাইডগৰাকী অৰ্থপেডিক্‌ছ ছাৰজন (Orthopaedics Surgeon) আছিল। মোক বৰ যত্ন কৰি নিছিল। কথা কওঁতে (Good Indian Lady) বুলি কৈছিল, কাৰণ মই ভ্ৰমণৰ নিয়ম নীতিবোৰ বৰ ভালদৰে পালন কৰিছিলো। বাছ এৰাৰ অলপ আগতেই আহি বাছত উঠিছিলোহি। খোৱা আৰু থকাৰ ক্ষেত্ৰত একো আপত্তি কৰা নাছিলো। হোটেলবিলাকত মই সদায় অকলশৰীয়াকৈ এটা কোঠা লৈছিলো। ভাত খাওঁতে খোৱাৰ বস্তু কি কি দিব গাইডজনে মোক কৈ গৈছিল। আৰু ভাত আঞ্জা পৰাপক্ষত মোৰ কাৰণে খাবলৈ সুবিধা কৰি দিছিল। ভ্ৰমণৰ শেষত ড্ৰাইভাৰ আৰু গাইডজনে মোৰ লগত ফটো উঠিছিল।

(২২)