এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

মেনেজাৰ Mr. Eric Dixon এ হোটেলখন ইমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে যে চিগাৰেটৰ টুকুৰা পৰি থকা দেখিলে নিজেই বুটলি আনে। এইবিলাক তেওঁৰ বৰ ভাল গুণ। তেতিয়া লণ্ডনৰ বতৰ বৰ ফৰকাল আৰু অলপ গৰম আছিল। তাৰে Coran Research Unit, 41 Brunswick Square, London W.C. In IAZ Dr. Barbare Tizard Parental Involvement in nursery School 9859 (Project Director) লগত আলোচনা কৰি একেলগে দিনৰ সাজ খালো। ডেনমাৰ্ক 90 Prof. H.J. Eysenck আৰু Mrs. Eysenck 72311 Psychiatrysts ৰ লগত আলোচনা কৰা হ'ল। Bristol লৈ গৈ ব্ৰিষ্টল ইউনিভাৰচিটীত Mr. Garden wells ক লগ পালো। ইউনিভাৰচিটী অৱ লণ্ডনলৈ গৈ Prof. Basil Bernstein ক লগ পালো। লণ্ডনৰ বিখ্যাত ঠাইবিলাক চাওঁ বুলি এদিন বাছেৰ ফুৰিবলৈ ওলালো। শ্লওলৈ (Slough) গৈ Mr. P.S. Clift ৰ সৈতে আলোচনা হ’ল। ছাউথামটন (Southampton) লৈ গৈ তাৰে ইউনিভাৰচিটীৰ ছোচিঅ'লজিৰ মুৰব্ৰী অধ্যাপিকা Mrs Lin Poulton ৰ ঘৰত ৰাতি থাকি বৰ ভাল লাগিল। তাৰে ছেচিয়েল ছাৰ্ভিচ চেণ্টাৰ আৰু নাৰ্ছাৰী স্কুলবিলাক চোৱা হ’ল। তাৰ পিছত তিনি চাৰিদিনমান বাপটি দা আৰু ধীৰাহঁতৰ ঘৰত থাকিলো। বৰ ভাল লাগিল। তাৰ পিছত লিডছলৈ ঘূৰি আহিলো।

 ১৯৭৮ চনৰ ২৬ জুনৰ সন্ধিয়া ৭ বজাত আমাৰ Farewel supper অনুষ্ঠিত হৈছিল। লিভছ ইউনিভাৰচিটীত সিদিনা বৰ স্ফূৰ্তি কৰিলো। তাৰ পিছৰ দিনা Allerton Grange youth centre community, North Leeds Mother & Toddlers Centre লৈ গৈ তাৰে Incharge Mrs. Jenny Macpherson ৰ লগত কথা বতৰা হলো। প্ৰতি বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা ৩-৩০ লৈ এই চেণ্টাৰ কাম কাজ চলে। বাৰ্ণছলেৰ (Barnsley) Mrs. J Smith worsbrough date Nursery School চালো Mrs Bottomore ৰ সৈতে। ইয়াৰে ড° ৰামচন্দ্ৰণৰ পৰিয়ালৰ লগত দুপৰীয়াৰ ভাত খালে। তাৰ পিছদিনা মানচেষ্টাৰলৈ গৈ হোম স্কুল লাইয়েচন মালটিকালচাৰেল পাৰস্পেক্‌টিভ চেমিনাৰখনত যোগ দিলো। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ দুদিন থাকি এই চেমিনাৰত আমি ভাগ লৈছিলো।

 দহ জুলাইত Glasgow Queen Margaret Hall, Bellshaugh Road, Glasgow -G-12 Gs Mr. Eric Willkinson, Stralthelyde Experiment in Education Deptt. of Education, I lilybank Gardens University of Glasgow লগ পাই আলোচনা কৰিলো আমাৰ বিষয়বিলাক। ইয়াত থকা Dr. Thakur (যোৰহাটৰ) Psychiatristৰ লগত ৰাতিৰ সাজ ভাত খালো। লগত তেখেতৰ মাক আছিল কাৰণে আমাক খৰিছাৰ আজ্ঞা আদিৰে বৰ জুতি লগাকৈ খুৱালে। আমাৰো ঘৰত

(১৯)