এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'তযে কথা


বতৰা ভালকৈ পাতিবলৈ শিকায়, যাতে ভাষাটো শুদ্ধকৈ ক'ব পাৰে। ইয়াৰ ল’ৰা ছোৱালীবিলাকে কথা ক'বলৈ দ্বিধাবোধ নকৰে, more vocal এদিন Dr. Joan Tough ৰ লগত School council Community Project ৰ ওপৰত আলোচনা কৰিলোঁ। আলোচনাত শিক্ষকৰ দৰমহা, স্কুলৰ শাসন প্ৰণালীৰ বিষয়ে আছিল।

 ২৯ এপ্ৰিল, শনিবাৰে গুৱাহাটীৰ শ্ৰীকমল বৰুৱাৰ পুতেক Dr. Anupam Baruah আৰু তেওঁৰ ঘৈণীয়েক Kumud Trivedy ৰ Bradford ৰ ঘৰলৈ গৈ খোৱা-বোৱা কৰি দিনটো বৰ ভালেৰে কটালো। তাতেই Dr. Sailesh Parekh ৰ লগত চিনাকি হ'লোঁ।

 এক মে', সোমবাৰ, বন্ধৰ দিন হোৱা বাবে আমি Juliet আৰু Martin ৰ ঘৰত ভাত খালোঁ‌। তাতে Joswant, Foe আৰু Supriya ক লগ পালোঁ। পিছদিনা Mr. Glen Whitenouse ৰ লগত Knottingley a Simon lane first school nursery unit লৈ গ'লোঁ৷ তাত তিনিৰ পৰা পাঁচ বছৰৰ আৰু পাঁচৰ পৰা আঠ বছৰ বয়সলৈ ল'ৰা ছোৱালী পঢ়ে। ইয়াত ল'ৰা-ছোৱালীৰ মাজত শাৰীৰিক আদান-প্ৰদানৰ (Physical Interaction among children) শিক্ষা দিয়া হয়। সৰু ল'ৰা-ছোৱালীবিলাকৰ লগত ময়ো লাঞ্চ খালো। Mrs. Hunphrey ৰ লগত এদিন East Ardsley Nursery স্কুললৈ গ'লোঁ‌। তাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষায়িত্ৰী সকলে ইয়াৰ প্ৰতিগৰাকী ল’ৰা- ছোৱালীৰ মাক-দেউতাক আৰু সিহঁতৰ ঘৰুৱা অৱস্থাৰ কথা জানে। সেইকাৰণে স্কুলত ল'ৰা-ছোৱালীবিলাকে যিখিনি বিচাৰে তাৰেই শিক্ষা দিবলৈ চেষ্টা কৰে। তাতেই প্ৰধান শিক্ষায়িত্ৰীৰ লগত দিনৰ ভোজন কৰিলোঁ।

 এদিন মোক অসমৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ ওপৰত ক'বলৈ ক'লে। এজন শিক্ষকে ৩০-৪০ জন ছাত্ৰ-ছাত্ৰীক পঢ়ুওৱাৰ কথা কোৱাত তেওঁলোক বৰ আচৰিত হৈছিল। তাতে আমাৰ দেশৰ প্ৰাথমিক স্কুলঘৰবিলাকৰ অৱস্থাৰ বিৱৰণ দিয়াহ'লে কিজানি বৰ ভয় খালেহেঁতেন।

 ৬ মে’, শনিবাৰে আমি Lake District লৈ গ'লো। পৃথিৱী বিখ্যাত কবি, ৱৰ্ডছ ৱৰ্থৰ বাসস্থান। ঠাইখন অতি সুন্দৰ, প্ৰাকৃতিক সৌন্দৰ্য বৰ্ডছৱৰ্থ কিয়, সকলো কবিৰে মন হৃদয়ত স্পন্দন তুলিৰপৰা। তাৰ পিছত Kendal আৰু Kendal আৰু Windermere হ্ৰদলৈ Grasmere Ambleside By dal ৰ পানীলৈ গ'লো। Chrisreekie ত তাঁ‌তৰ শাল আৰু হাতৰ কামৰ শিল্প চলে। তাৰ পাছত বৰ্ডছ ৱৰ্থৰ পৰিয়ালৰ শ্বশান, Dove Cottage য’ৰ পৰা বৰ্ডছৰ্থে ডেফোডিলছ কবিতা ৰচনা কৰিছিল। তাতে কবিৰ মিউজিয়ামটো চাই Keswick, Thirimere হ্ৰদেদি আহিলো। Crow park Hotel ত থাকি Friar’s Crag চালো। তাৰ পৰা Borrowdale (Road) পথেদি Ashness

Bridge তাৰ পিছত Bowness on windemere জাহাজত এঘণ্টা কটাই windermere

(১৩)