পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৪
ঘোষা ৮২১
নাম-ঘোষা

দীন দায়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি
দান্তে তৃণ কৰো চৰণত ধৰো
 নেড়িবা মোক মুৰাৰি॥ ৮২১
কৰুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণাসিন্ধু।
তোমাৰ কৃপাৰ আমি নোহো পাত্ৰ
তুমি পুনু দীনবন্ধু॥ ৮২২
ৰাম কৃষ্ণ হৰি গোৱিন্দ
দীন-দায়াশীল স্বামী।
তোমাৰ চৰণে সহজ বাসনা শৰণ মাগোহো আমি॥ ৮২৩
জয় যদুপতি যাদৱ তুমি অগতিৰ গতি।
দান্তে তৃণ ধৰি তোমাৰ চৰণে
মাগোহা সাধু-সঙ্গতি॥ ৮২৪
ৰাম কৃষ্ণ হৰি গোৱিন্দ সেৱক ভৈলো তোমাৰে।
অভয় চৰণে শৰণ পশিলো চুৰিয়ো মায়া হামাৰে॥ ৮২৫
গোৱিন্দ গোপাল গোপীনাথ।
দয়া নছাড়িবা মোৰে।
অপাৰ সংসাৰ  আৰ নাহি পাৰ
মজিলো এ দুখ ঘোৰে॥৮২৬
হৰি হৰি হৰি এ ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ।
কৰা হৰি মোৰ মায়া উপশাম নাৰায়ণ নাৰায়ণ॥ ৮২৭


৬২৭॥ হৰি এ—হৰি। কৃষ্ণ ৰাম—কৃষ্ণ