পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ১৯৯]
৭৩১
উপদেশ

ৰাম নিৰঞ্জন  দানৱ-গঞ্জন
 ভকত ৰঞ্জন দেৱ।
তুমিসি পৰম  গুৰু নাৰায়ণ
 তুৱা পাৱে কৰো সেৱ॥ ১৯৬

উপদেশ

ৰাম-কৃষ্ণ-নাম  ধৰ্ম্ম অনুপাম
 সদায় যিটো সুমৰে।
যত মহাপাপ  নাম-অপৰাধ
 সৱে মষিমূৰ কৰে৷৷ ১৯৭
ঘোৰ সংসাৰৰ  ঔষধ হৰিৰ
 তেজিয়া নাম সম্প্ৰতি।
আৱৰ কমন  উপায়ে পণ্ডিতে
 লভিবে আপুন গতি৷৷ ১৯৮
মোৰ ভক্তি-যুক্ত  যোগীৰো জানিবা
 মোতেসে চিত্ত যাহাৰ।
জ্ঞান কৰ্ম্ম বিনে  কেৱল ভক্তিত
 পাৱয় সংসাৰ-পাৰ॥ ১৯৯


১৯৭৷৷ নামাপৰাধযুক্তানাং নামান্যেয় হৰন্ত্যবং।
 অৱিশ্ৰান্তিপ্ৰযুক্তানি তান্যেৱাৰ্থকবাণি যৎ॥

--পদ্ম-পুৰাণ, স্বৰ্গখণ্ড, ৩৮,৫৫