পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ১৭৫
৭২৫
নামৰ অন্বয়


দুইতো কৰি ইটো উত্তম নিমিত্তে
 প্ৰখ্যাত পুৰুষোত্তম॥ ১৭১
প্ৰকৃতি পুৰুষ দুইতো কৰি পৰ
 দুইহানো নিজ কাৰণ।
পৰম ঈশ্বৰ নামক ধৰিয়া
 আছা তাতে নাৰায়ণ॥ ১৭২
কৰ্ম্ম অনুসাৰে  ইটো জগতক
 পালন্ত হৰি সাক্ষাত।
এহি হেতুতেসে  জগন্নাথ নাম
 আছন্ত হুয়া প্ৰখ্যাত।৷ ১৭৩
ঈশ্বৰৰ সেৱা  কৰিলে জীৱৰ
 গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্ম পদে শুধ  জীৱক বুলিয়
 ঈশ্বৰক পৰমব্ৰহ্ম॥১৭৪
অন্তৰ্য্যামী ৰূপে  জীৱ আদি কৰি
 নিয়মন্ত সমস্তক।
এহি হেতুতেসে  পৰমাত্মা পদে
 বুলি জানা ঈশ্বৰক।৷ ১৭৫


১৭১॥ যস্মাৎ ক্ষৰমতীতোহ্হমক্ষবাদপি চোত্তমঃ।
 অতোহস্মি লোকে ৱেদে চ প্ৰণিতঃ পুৰুষোত্তমঃ।

--ভগৱদগীতা, ১৫.১৮

১৭৫॥ অন্তঃ কৰণযোখান্ধি জীৱ ইত্য়ুচ্যতে চ যঃ৷
 অৱিদ্যাকৰ্মৰহিতঃ পৰমাত্মেতি গীয়তে।

বৃহন্নাৰদীয়-পুৰাণ, ৩৬,২৮

৪৭