পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২২
[ঘোষা ১৫৮
নাম-ঘোষা

অন্তর্য্যামী-ৰূপে যিহেতু জীৱক
 সুখ-দুখ ভুঞ্জাৱন্ত।
এতেকেসে পৰ- মাত্মা নাম ধৰি
 আছা প্রভু ভগৱন্ত॥ ১৫৮
পৰম ঈশ্বৰ- স্বৰূপে জীৱৰ
 আছন্ত হুয়া আশ্রয়।
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
 নামৰ দিব্য অম্বয়॥ ১৫৯
অহঙ্কাৰ আদি একোৱে উপাধি
 কৰিতে নপাৰে ছন্ন।
এহিসে কাৰণে মহন্তসকলে
 বােলে তাঙ্ক নিৰঞ্জন॥ ১৬০
সত্ত্ব ৰজ তম তিনি গুণ-বৃত্তি
 লুপ্ত তাঙ্ক নকৰয়।
সেহিসে কাৰণে বেদ-শাস্ত্ৰগণে
 বােলে তাঙ্ক নিৰাময়॥ ১৬১
যতেক প্রাকৃত আকাৰ-বর্জ্জিত
 ভৈলন্ত যিহেতু হৰি।
সেহি হেতুতেসে নিৰাকাৰ নাম
 আছন্ত ঈশ্বৰে ধৰি॥ ১৬২
মা পদে লক্ষ্মী- দেৱীক বােলয়
 তাহান স্বামী ঈশ্বৰ।