পৃষ্ঠা:Kirtan Ghosha.pdf/৭১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭০]
৬৯৯
প্রার্থনা


হে প্রাণ-বন্ধু কৃষ্ণ  কৃপাৰ সাগৰ হৰি
 কৃপা-দৃষ্টি চাহিয়ােক মােক।
সহজ বাসনা-ৰূপ শৰণ দিয়ােক নাথ।
 মােৰ অহঙ্কাৰ দূৰ হােক॥ ৬৬
নমাে নাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন
 নমাে দেৱ দৈৱকী-দায়াদ।
পৰম অনাথ আমি তোমাৰ চৰণে নমি
 মাগাে প্রভু ভকতি-প্ৰসাদ॥ ৬৭
ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ
 যাত সদা পশয় শৰণে
 আৰ আন নাহি ত্রিভুৱনে।
ভকতজনৰ বন্ধু তুমিসে কৰুণা-সিন্ধু
 মােৰ গতি তােমাৰ চৰণে ॥ ৬৮
মায়াৰ নিগ্রহে মঞি  পৰম আতুৰ ভৈলো
 প্রাণ যদুপতি জীৱন যদুপতি।
অনাথৰ নাথ হৰি তুমি কৃপাময় বিনে
 মােৰ আৰ নাহি আন গতি॥ ৬৯
হে প্রভু ভগৱন্ত ইটো সংসাৰত যত
 আছে পাপী তাৰ আমি সীমা।
চৰণে থাপিয়াে মােক  পতিত-পাৱন নিজ
 দেখা কোন নামৰ মহিমা॥ ৭০


পা ৬৬॥ সহজ বাসনা-ৰূপ-সহজে বাসনা-ৰূপ।