পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৬৭৫
ৰুক্মিণীৰ প্ৰেম-কলহ


অনাচাৰী নাৰী মই অজ্ঞানী বৰ্ব্বৰ।
নজানি তোমাত গৰ্ব্ব কৈলো দামোদৰ॥
অনন্ত-শকতি তুমি দেৱ মহেশ্বৰ।
চৰণত ধৰো প্ৰভু দোষ ক্ষমা কৰ॥ ২৫
তযু পত্নী বুলি অহঙ্কাৰ আচৰিলো।
ঢুলন চামৰ লৈয়া আপদে মজিলো॥
ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰে সেৱা কৰে তযু পাৱে।
অনন্তে সহস্ৰ মুখে ষাৰ গুণ গাৱে॥ ২৬
হেন হৰি তুমি পূৰ্ণব্ৰহ্ম সনাতন।
আপনাকে আপুনিয়ে কৰিলা নিন্দন॥
হেন নাৰায়ণ দায়াময় দেৱ হৰি।
মই অজ্ঞানীক হৰি লৈয়ো দাসী কৰি॥ ২৭
যি বুলিলা ৰাজাৰ দুহিতা আতিশয়।
সিসৱ শুনিয়া মোৰ কাম্পয় হৃদয়॥
কোনবা জনমে প্ৰভু আছো তপসাই।
তোমাক সেৱিবে মই পাইলো যদুৰাই॥ ২৮
গৃহ অন্ধকূপে পৰি নপাওঁ মই পাৰ।
মই পাপিনীক প্ৰভু কৰিয়ো উদ্ধাৰ॥
কৰোহো কাতৰ আৱে চৰণত ধৰি।
মই অজ্ঞানীক তুষ্ট হোৱা দেৱ হৰি॥ ২৯
তোমাৰ গৃহৰ প্ৰভু হৈবোহো কিঙ্কৰী।
জন্মে জন্মে থাকিবো চৰণে সেৱা কৰি॥
আমাৰ জীৱৰ স্বামী হৈবা দামোদৰ।
কৰোহো কাতৰ প্ৰভু দিয়া এহি বৰ॥ ৩০