পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭
৬৬৩
ঘুনুচা-কীৰ্ত্তন


নিজ থানে থৈল নিয়া অনেক আশ্বাসি।
থাকিলন্ত লক্ষ্মী দেৱী কৃষ্ণক উপাসি॥ ১৬৬
পঞ্চাশ ভোগক পাছে দিলা ভাৱে ভাৱে।
পৰম কৌতুকে ভোগ ভুঞ্জিলা যাদৱে॥
পৰিচাৰ পাণ্ডা মানে গৈলা থানে থানে।
দৌলত থাকিলা প্ৰভু আতি ৰঙ্গ-মনে॥ ১৬৭
জগন্নাথ-পুৰাণৰ ইটো কথা সাৰ।
নিবন্ধিলো পদ অৰ্থ কৰিয়া বিচাৰ॥
শুনা নৰ নাৰী লোক আন কাম হেলি।
ঘুনুচাৰ সঙ্গে যাদৱাৰ যাত্ৰা-কেলি ॥ ১৬৮
কৃষ্ণ বিনে গুৰু গতি-দাতা নাহি আন।
এক চিত্ত মনে কৰা হৰি-পদ ধ্যান॥
হৰি-ভক্তি বিনে আয়ু যায় আলে-জালে।
উমান নপাইবা কেতিক্ষণে ধৰে কালে॥ ১৬৯
কলি-কালে অল্প আয়ু পাইলে সৱ নৰ।
ছকুড়ি শতেক ষষ্টি পঞ্চাশ বৎসৰ॥
আত পৰে কলিত অধিক আয়ু নাই।
পাতকৰ বলত ইহাৰো ক্ষয় যায়॥ ১৭০
এহি ছয় ভাগ আয়ু, কলি-কালে দেখা।
টুটয় বাঢ়য় তাতে যমে কৰে লেখা॥
যেতিক্ষণে মাতৃ-গৰ্ভে শৰীৰক ধৰে।
আয়ু টুটন্তেসে যায় মনত নধৰে॥ ১৭১
এহিমতে আয়ু যায় সমস্তে লোকৰ।
শৰীৰ বাঢ়ন্ত দেখি হৰিষ সৱাৰ॥