এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
[ খণ্ড ৫
কীৰ্ত্তন-ঘোষা


বিষ্ণু-দূতচয়  তথাতে থাকয়
 কৰিবন্ত সৰ্ব্বনাশ॥ ২২
যাহাৰ জিহ্বায়ে  নোবোলে বিষ্ণুৰ
 গুণ-নাম সৰ্ব্বক্ষণ।
যিজনৰ মনে  হৃদয়-পদ্মত
 নিচিন্তে কৃষ্ণ-চৰণ॥
যিজনৰ শিৰে  নকৰে প্ৰণাম
 কৃষ্ণৰ পদ-কমলে।
তাত মোৰ দায়  নেড়িবি সদায়
 বান্ধি আন হাতে গলে॥ ২৩
হৰি-চৰণত  সদায়ে বিমুখ
{{gap|3em}নুশুনে কৃষ্ণৰ কথা।
মাধৱৰ একো  কৃত্য নকৰয়
 শ্ৰম কৰি ফুৰে বৃথা॥
কৃষ্ণৰ কীৰ্ত্তন  নকৰি থাকয়
 আনসে কথা চোবাই।
সিটো পাপিষ্ঠক  ঝান্টে বান্ধি আন
 লোহাৰ ডাঙ্গে কোবাই॥ ২৪
নৰকৰ পথ  ইটো গৃহ-বাস
 আতেসে যাহাৰ ৰতি।