পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪০
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা

কতো অভ্যন্তৰে চলিয়া যায়।
কৃষ্ণৰ আগত বাৰ্ত্তা জনায়॥ ৬৪
নমো জগন্নাথ জগত-পতি।
শুনিয়ো কাৰ্য্য ভৈল বিসঙ্গতি॥
তোমাক খেদি আই লক্ষ্মী মাৱে।
দ্বাৰত আছে অতি ক্ৰোধভাৱে॥ ৬৫
লক্ষ্মীৰ কটকে লোৰে অপাৰ।
সকলে নগৰ ভৈল উজাৰ॥
পলাইবাক প্ৰজা নপাৱে ঠাই।
কিমতে ৰক্ষা কৰা যদুৰায়॥ ৬৬
হেন শুনি পাছে ঘুনুচা নাৰী।
কৃষ্ণক মাতে নম্ৰ ভাৱ কৰি॥
নমো জগন্নাথ জগত-বাপ।
ভক্তৰ তুৰি হৰা তিনি তাপ॥ ৬৭
শুনিয়ো কমল-লোচন হৰি।
তাহাঙ্ক আমি আগে আছো ডৰি॥
জানো লক্ষ্মী আসি দৌল সোমাই।
তাঙ্ক ভয়ে মোৰ ধাতু উড়ায়॥ ৬৮
লক্ষ্মীয়ে পাইলে কি ৰাখিবে মোক।
মাৰিবে ধৰি হসুৱাইবে লোক॥
সমস্তে নগৰী কৰিল ছন্ন।
পলাইল সৱে নৰ-নাৰীগণ॥ ৬৯
প্ৰবোধি লক্ষ্মীক দিয়ো পঠাই।
ঐক লাগি যেন নামে দুনাই॥