পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৬৩১
ঘুনুচা-কীৰ্ত্তন

কেহো শুক্ল চামৰক লৈয়া শ্বেত ছত্ৰ।
পৰম উৎসুকে চলে লৈয়া দিব্য বস্ত্ৰ॥
কেহো দধি দুগ্ধ কতো পঞ্চামৃত লৈয়া।
চলে নৰ-নাৰী কতো চিনি ঘৃত লৈয়া॥ ২৭
হস্তী ঘোড়া শকট চলিলা বহুতৰ।
বাঘ ঘোঙ্গ উট খৰ পশু নিৰস্তৰ॥
আনো যত প্ৰজা আছে ঘুনুচা-নগৰ।
বীৰ সাধু যোগী ভিক্ষু ধনী নিৰস্তৰে॥ ২৮
বৃতিয়ালসৱে চলি গৈলা মহাৰঙ্গে।
বীণা বাংশী শঙ্খ ভাল-যন্ত্ৰ লৈয়া সঙ্গে॥
অসংখ্যা দিব্য নাৰী যুৱতী বিশেষ।
অলঙ্কাৰে মণ্ডিয়া ভূষিত কৰি দেহ॥ ২৯
লৈয়া ডালি ফল ঘট কৰি সুমঙ্গল।
কৃষ্ণক বঢ়াইবে আগ চলিলা সকল॥
ৰাজপথগোট লিপি সুগন্ধ চন্দনে।
পধূলি পধূলি কল ৰুইলা ৰঙ্গ মনে॥ ৩০
দুৰ্ব্বাক্ষত সিঞ্চি পূৰ্ণ ঘটক থাপিলা।
উপৰত আম-ডালি পুষ্প-সাৰি দিলা॥
এহিমতে নানাবিধ কৰি সুমঙ্গল।
আগ বাঢ়িবাক প্ৰজা চলিলা সকল॥ ৩১
পৰম উৎসৱ কৰি হৰি-গুণ গাই।
কৃষ্ণৰ কটক সৱ ভৈল এক ঠাই॥
অনন্তৰে প্ৰজাগণ ভুয়া এক থান।
উৎসৱে কৰিবে লৈলা কৃষ্ণ কীৰ্ত্তন॥ ৩২