এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
[ খণ্ড ৫
কীৰ্ত্তন-ঘোষা

ব্ৰহ্ম-বধ পিতৃ-  বধ সুৰা-পান
 অগম্যা-গমন কৰে।
গৰু তিৰী মাৰে  সুৱৰ্ণক হৰৈ
 মিত্ৰৰ দ্ৰোহ আচৰে॥ ৯
সংসাৰত যত  আনো অসংখ্যাত
 আছে মহাপাপীগণ।
সৱাৰো এহিসে  মুখ্য প্ৰায়শ্চিত্ত
 হৰিৰ নাম-কীৰ্ত্তন॥
মাধৱৰো মতি  হোৱে তাক প্ৰতি
 যি ফুৰে নাম সুমৰি।
ইটো মোৰ দাস  নছাড়ন্ত পাশ
 ৰাখিয়া ফুৰন্ত হৰি॥ ১০

দ্বিতীয় কীৰ্ত্তন

ঘোষা॥তাৰিয়া নিয়োক  নাথ নাৰায়ণ
 চৰণে শৰণ লৈলোঁ॥
তোমাৰ ভকতি নকৰি কৃপাল
 জনম বিফল কৈলো্॥২

পদ॥ হৰিৰ কীৰ্ত্তনে মহা পাতকক
 যিমতে কৰে নিৰ্ষ্যাণ।