পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
৫৫৩
সহস্ৰ-নাম-বৃত্তান্ত


ত্ৰিদশৰ ভকতিত তুষ্ট ভৈলা হৰি।
আগতে দিলন্ত দেখা দিব্য মূৰ্ত্তি ধৰি॥
পৰম মধুৰ ৰূপ কোটি চন্দ্ৰ সম।
মুখে মৃদু হাস জগতৰে মনোৰম॥ ৫৭
চতুৰ্ভুজ শঙ্খ-চক্ৰ-গদা-পদ্ম-পাণি।
দেৱক সম্বুধি হেন বুলিলন্ত বাণী॥
তুষ্ট ভৈলো আমি কৰিবোহো উপকাৰ।
আপুনি মনুষ্য হুয়া হৈবো অৱতাৰ॥ ৫৮
তোমৰাসৱক পূজা কৰিবো বিশেষ।
তেৱেসে পূজিবে নৰে পায়া উপদেশ॥
দেৱক যজিবো যজ্ঞ কৰিবো বহুত।
তেৱে মোৰ নাম-ধৰ্ম্ম হৈবেক গুপুত॥ ৫৯
এহি বুলি ত্ৰিদশক ভকত-বৎসলে।
বহুবিধ ৰূপ ভৈলা পৃথিৱী-মণ্ডলে॥
ৰঘু-কুলে ৰামচন্দ্ৰ ভৈলা অৱতাৰ।
যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ॥ ৬০
শ্ৰাদ্ধে পিতৃগণৰ কৰিলা মনতোষ।
ব্ৰাহ্মণকো দান দিয়া কৰিলা সন্তোষ॥
দ্বাপৰ-যুগত যদু-কুলে অৱতৰি।
কৃষ্ণ ৰাম ৰূপে পৃথিৱীৰ ভাৰ হৰি॥ ৬১