পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৭
৫৩১
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ

সেহিমতে ঈশ্বৰক পায়া যদুগণ।
মনে মানিলন্ত এন্তে জাতি এক জন।৷ ১৯৫
ভূষণৰ ভূষণ পৰম অঙ্গচয়।
যাক দেখি হৰি হন্ত আপুনি বিস্ময়।৷
অপূৰ্ণ প্ৰাণীক অল্প দিয়া দৰশন।
লগতে নিলন্ত যেন লোকৰ লোচন।৷ ১৯৬
দেখিয়ো কৃষ্ণৰ কেন কৰ্ম্ম বিড়ম্বন।
বসুদেৱ-গৃহত অজৰ উপজন।৷
যাৰ কটাক্ষতে হোৱে জগত বিনাশ।
কংস-ভয়ে লৈলা তেহোঁ গোকুলত বাস॥ ১৯৭
বসুদেৱ-দৈৱকীক বুলিলা প্ৰণামি।
কংস-ভয়ে ব্ৰজত বঞ্চিলো গৈয়া আমি।৷
হে পিতৃ মাতৃ মোৰ মৰষিয়ো দোষ।
ইহাক সুমৰি মনে মিলে অসন্তোষ।৷ ১৯৮
হেনয় কৃষ্ণৰ যিটো গাইলে নাম-গুণ।
দুনাই পাসৰিবে আৰ কোন নিদাৰুণ॥
ৰাজসূয় যজ্ঞত দেখিলো নেত্ৰ ভৰি।
যেন গতি পালে শিশুপালে দ্বেষ কৰি॥ ১৯৯


• পা ১৯৬॥ অপূৰ্ণ—অপুণ্য।