পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২৬
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

মায়ায়ে এড়িল লিঙ্গ-শৰীৰ ভাগিল।
আপুনাৰ আত্মা পৰমাত্মাতে লাগিল।।১৭২
ভকতিৰ বলে জ্ঞান লভিলা নিৰ্গুণ।
জীৱন্তে মুকুত হুই ৰহিলা অৰ্জ্জুন।
কুন্তী শুনিলন্ত পাছে কৃষ্ণৰ নিৰ্যাণ।
কৃষ্ণতে অৰ্পিয়া চিত্ত ছাড়িলন্ত প্ৰাণ॥১৭৩
কৃষ্ণৰ নিৰ্য্যাণ শুনি ৰাজা যুধিষ্ঠিৰ।
শোক-মোহ এড়ি চিত্ত কৰিলন্ত স্থিৰ।৷
হৰি এড়িলাত কলি প্ৰৱেশিল জানি।
পৰীক্ষিত তোমাক পাতিলা ৰাজা আনি॥১৭৪
এড়িলা বিচিত্ৰ বস্তু ৰত্ন-অলঙ্কাৰ।
পিন্ধিলা বাকলি ৰাজা তৈল নিৰাহাৰ‌॥
মৌন ব্ৰত ধৰিয়া মুকুত কৰি কেশ।
ভৈল যেন জড় অতি পিশাঞ্চৰ বেশ॥১৭৫
কৃষ্ণ-পদ-পঙ্কজক ধৰি হৃদয়ত।
হৰি-ভক্তি দহিলে মনৰ মল যত॥
বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই।
পাইলন্ত পৰম গতি পাছে পাঞ্চো ভাই॥১৭৬
কৃষ্ণ-পদ-পঙ্কজ হৃদয়ে কৰি স্থিৰ।
ধৰিলা উত্তৰ দিশ ৰাজা যুধিষ্ঠিৰ॥