পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৬
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা


গুৰুক দক্ষিণা আনি দিলা।
স্বদেহে ব্যাধকো স্বৰ্গে নিলা॥ ১২৭
ব্ৰহ্ম-অস্ত্ৰে দহন্তে তোমাক।
ৰাখিল ধৰিয়া গদাক॥
হেন হৰি দেৱ আদি-মূল।
নৰাখিলা ইটো যদু-কুল॥১২৮
মনুষ্যত নাই স্বস্থ গতি।
অন্ত-কালে হোৱে বিসঙ্গতি॥
হেনসে দেখাই দেৱ হৰি।
গৈলা লড়ি কুলক সংহৰি॥ ১২৯
ইটো লীলা-চৰিত্ৰ কৃষ্ণৰ।
কৰয় কীৰ্ত্তন যিটো নৰ॥
তাৰ হুইবে বৈকুণ্ঠত বাস।
হেন জানি তেজিয়ো আলাস॥১৩০
হৰিৰ কীৰ্ত্তন সদা কৰা।
বৃথা কথা কহিয়া নমৰা॥
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
হৰি হৰি বোলা নিৰন্তৰে॥১৩১