পৃষ্ঠা:Kirtan Ghosha.pdf/৫২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০]
৫১১
শ্রী কৃষ্ণৰ বৈকুণ্ঠ-প্ৰায়াণ

 তোমাৰ চৰণ নেদেখি স্বামী।
 গুচিল চক্ষু অন্ধ ভৈলো আমি॥
 }নজানোহো একো দিশ-বিদিশ।
 নাহি সুখ-শান্তি জগত-ঈশ॥ ১০৫
 যেন চন্দ্ৰ বিনে ৰাতি আন্ধাৰ।
 তুমি মুখ্য প্ৰভু প্ৰাণ আমাৰ॥
 কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
 বোলা হৰি হৰি সমস্ত জনে॥ ১০৬

দশম কীৰ্ত্তন


ঘোষা॥ হৰি গোৱিন্দ জয় কৃষ্ণ গোপাল ৰাম।১০
পদ॥ এহিমতে দাৰুকে বোল পাছে ৰথ।
 আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ॥
 পাছতে লৰিলা চক্ৰ আদি অস্ত্ৰচয়।
 দেখিয়া দাৰুক ভৈল পৰম বিস্ময়॥১০৭
 তবধ নয়নে চাই আছে উপক।
 মাধৱে বুলিলা পাছে বাক্য দাৰুকক॥
 চলিয়োক দাৰুক সত্বৰে দ্বাৰকাক।
 বান্ধৱত কহ গৈয়া আমাৰ বাৰ্তাক॥১০৮