পৃষ্ঠা:Kirtan Ghosha.pdf/৫২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১০
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

মাধৱে বোলন্ত শুনিয়ো জৰা।
উঠিয়ো সত্বৰে ভয় নকৰা॥
কৰিলা আমাৰ বাঞ্ছা সফল।
মোৰ বৰে আৱে স্বৰ্গক চল॥১০০
শুনিয়া মাধৱক ভয়ে হীন।
কৰিলা তিনিবাৰ প্ৰদক্ষিণ॥
প্ৰণামিয়া পাছে বিমানে চড়ি।
সশৰীৰে গৈল স্বৰ্গক লড়ি॥১০১
কৃষ্ণৰ সাৰথি পাছে দাৰুকে।
ৰথে চৰি চাই ফুৰে নিচুকে॥
কৃষ্ণৰ বিচাৰ কৰি প্ৰবন্ধে।
পাইলন্ত গৈয়া তুলসীৰ গন্ধে॥১০২
সম্মুখ হুয়া দেখিলন্ত পাছে।
মুৰ্ত্তি ধৰি অস্ত্ৰ চৌপাশে আছে॥
প্ৰকাশে দেহ যেন পূৰ্ণ শশী।
অশ্বত্থ-তলত আছন্ত বসি॥১০৩
বজাইল লোতক আকুলভাৱে।
পড়িল দাৰুক কৃষ্ণৰ পাৱে॥
কান্দিলা হুমহুমি অধোমুখে।
মাতিলা পাছে মহা মন-দুঃখে॥১০৪