পৃষ্ঠা:Kirtan Ghosha.pdf/৫১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৮
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

দক্ষিণ উৰুত থৈয়া চৰণ।
বসি আছে হৰি ধৰি আসন॥৯২
মৃগ-মুখাকাৰ দেখিয়া ভৰি।
মাৰিল ব্যাধে শৰ লক্ষ কৰি॥
সন্ধানে কৃষ্ণৰ পাৱক ভেদি।
পড়িল বুলি ব্যাধ আইল খেদি॥ ৯৩
দেখে বসি আছ জগনিৱাস।
পেলাইল ধনু হুয়া মহাত্ৰাস॥
ডৰিল জীৱ যেন ভৈল মৰা।
কৃষ্ণৰ আগত পড়িল জৰা॥৯৪
শুনা সৰ্ব্বজনে হৰি-চৰিত।
আত পৰে ধৰ্ম্ম নাহি কলিত॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥৯৫