পৃষ্ঠা:Kirtan Ghosha.pdf/৫১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৪
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

অস্ত্ৰ-শস্ত্ৰ ধৰি লৰে ৰণত প্ৰবুদ্ধ।
আপুনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ॥৭৩
টঙ্কাৰিয়া ধনুক বৰিষে শৰ ধাৰে।
গদা মুদগৰ অসি পৰশু প্ৰহাৰে॥
সাম্ব কামদেৱৰ লাগিল ঘোৰ যুদ্ধ।
কৰে ঘোৰ সমৰ সাত্যকি অনিৰুদ্ধ॥৭৪
সুভদ্ৰ সংগ্ৰামজিতে কৰে হুলস্থুল।
সুমিত্ৰ সুৰথে দুয়ো কৰন্ত তুমুল॥
উল্মুকে নিশঠে ভৈল দুৰ্ঘোৰ কন্দল।
শতজিত সনে যুজে ভানু মহাবল॥৭৫
অক্ৰূৰে সহিতে কৃতবৰ্ম্মা মহাবীৰ।
কৰন্ত সমৰ সৱে কম্পিত শৰীৰ॥
ভৈলা সৱে উম্মত্ত চেতন নাহি গাত।
বৰিষন্ত নিশিত সায়ক অসংখ্যাত॥৭৬
পৰিঘ পট্টিশ অসি কৰন্ত প্ৰহাৰ।
অন্যো-অন্যে শত্ৰু-বুদ্ধি চিন্তে মহামাৰ॥
তৰ্জ্জয় গৰ্জ্জয় কতো কৰে হতা-হাতি।
মাধৱৰ মায়ায়ে মোহিত ভৈল আতি॥৭৭
ভোজ বৃষ্ণি অন্ধক সাত্বত যদুবংশ।
বিষ্ণুৰ মায়ায়ে সৱে ভৈল বুদ্ধি-ভ্ৰংশ॥