পৃষ্ঠা:Kirtan Ghosha.pdf/৫১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
৫০১
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ

আজি এড়ো প্ৰভুৰ চৰণ।
এহি বুলি যুড়িলা ক্ৰন্দন॥
যদ্যপি জানিলা মহাজ্ঞান।
তথাপিতো ছাড়ে যেন প্ৰাণ॥৬০

ভৈলন্ত বিহ্বল আতি স্নেহে।
যাইবাক খোজন্তে হৃদি দহে॥
কৃষ্ণক এড়িবে নপাৰন্ত।
চৰণত পড়িয়া কান্দন্ত॥৬১

হৃদি-তাপ কৰম্ভ উদ্ধৱে।
লড়া লড়া বোল মাধৱে॥
কৃষ্ণৰ সুদৃঢ় আজ্ঞা জানি।
উঠি আখি মুচি মহামানী॥৬২

প্ৰভুৰ পাদুকা শিৰে বান্ধি।
প্ৰণামি লড়িলা কান্দি কান্দি॥
আগক নবাঢ়ে তান ভৰি।
কৰ প্ৰণাম পড়ি পড়ি॥৬৩
উঠি যান্ত ভৰি পাঞ্চ ছয়।
আৰকা পৰন্ত মহাশয়॥


 পা• ৬২॥ জানি--বাণী    ৬৪॥ আৰকা-আৰকি।