এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
খণ্ড ৮
কীৰ্ত্তন ঘোষা

হেন বৈকুণ্ঠৰ মাজতে পাছে।
উচ্ছিত ৰত্ন-মন্দিৰেক আছে॥৪
বৈদূৰ্য্য তম্ভ স্ফটিকৰ বাৰ।
মাণিক কপাট হীৰাৰ দ্বাৰ॥
কাটিলা জিঞ্ঝীৰি সুৱৰ্ণাৱলী।
বিচিত্ৰ মণি-কৰকত-স্থলী॥ ৫
পদ্মৰাগ-ৰত্নে লগাইল চৌতি।
কোটী সূৰ্য্য যেন গৃহৰ জৌতি॥
বিচিত্ৰ চন্দ্ৰাতপ আছে টানি।
আঁৰিল মুৰাৰি মুকুতা-মণি॥ ৬
হেন মন্দিৰে ৰত্ন-সিংহাসনে।
আছন্ত বসি প্ৰভু নাৰায়ণে॥
চৌপাশে সেৱে পাৰিষদ যত।
মৌক্তিক ছত্ৰ ধৰি উপৰত॥ ৭
ধৱল চামৰে দুইপাশে বিঞ্চে।
সঘনে সুৰভি কুসুম সিঞ্চে॥
চৰণে অনেক ভকতিভাৱে।
উপাসন্ত লক্ষ্মী জগত-মাৱে॥ ৮
চৈতন্যময় শুদ্ধ ৰূপ ধৰি।
পৰম আনন্দে আছন্ত হৰি