পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৪৯৫
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ

চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ নৰহৰি কি এ ৰাম নিস্তাৰিয়া নিয়ো নাৰায়ণ
 মাথাত ধৰিবো তুলি তোমাৰ চৰণ।৷ ৪

পদ॥ উদ্ধৱক সম্বুধি মাতন্ত কৃষ্ণ পাছে।
 কৰ্ম্ম-বন্ধ এড়াইবে প্ৰবন্ধ যাৰ আছে।৷
 বৈষ্ণৱৰ সঙ্গ সিটো লৈবে প্ৰথমত।
 মোহোৰ চৰিত্ৰ শুনিবেক ভকতত॥ ৩৫
 মোৰ নাম-কীৰ্ত্তন কৰিবে সৰ্ব্বক্ষণে।
 হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে।
 মোৰ যশ গায়া যিটো কৰে গীত নৃত্য৷
 নাহি তাৰ চিন্তা সিটো ভৈল কৃতকৃত্য।৷ ৩৬
 শুনিয়ো উদ্ধৱ আৱে ৰহস্য ভকতি।
 কৰিবা অভ্যাস তুমি থিৰ কৰি মতি।৷
 সমন্তে ভূততে ব্যাপি আছে মঞি হৰি।
 সৱাকো মানিবা তুমি বিষ্ণু-বুদ্ধি কৰি॥ ৩৭
 ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
 দাতাত চোৰত যেন দৃষ্টি এক তুল॥
 নীচত সাধুত যাৰ লৈ এক-জ্ঞান।
 তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজান।৷ ৩৮